শিৱসাগৰঃ গৌৰীসাগৰত "ডেউকা ভঙা পখীৰ ক্ৰন্দন" নাটক মঞ্চস্থ কৰা হয় ৷ শিৱসাগৰৰ অন্তৰ্গত গৌৰীসাগৰত অসম নাট্য সন্মিলনৰ গৌৰীসাগৰ শাখাই নিবেদন কৰা নাট্যকাৰ মৃনাঙ্ক শইকীয়াৰ ৰচনা আৰু পৰিচালনাৰে "ডেউকা ভঙা পখীৰ ক্ৰন্দন" নাটকখন গৌৰীসাগৰ চেণ্ট্ৰেল পাব্লিক হলত অলপতে সফলতাৰে মঞ্চস্থ কৰা হয়। উক্ত নাটকখনত নাট্যকাৰ শইকীয়াই এটি বাস্তৱ বিষয়ক সুন্দৰভাৱে উপস্থাপন কৰা দেখা যায় ৷ আজিৰ সমাজৰ পিতৃ- মাতৃয়ে কিদৰে দিন- ৰাতি একেকাৰ কৰি নিজৰ সন্তানৰ উন্নত ভৱিষ্যতৰ কাৰণে কষ্ট কৰে যাতে সেই সন্তানে এদিন দেশৰ সু-নাগৰিক হৈ তেওঁলোকৰ সপোন বাস্তৱত ৰূপায়িত কৰে আৰু বৃদ্ধ বয়সত তেওঁলোকৰ সাৰথি হয়। কিন্তু পিতৃ-মাতৃৰ সেই সপোন, আশা, ভৰশাক হত্যা কৰি সন্তানে যেতিয়া নিষিদ্ধ বিদ্ৰোহী সংগঠনত যোগ দিয়ে, তেনে প্ৰেক্ষাপটত মাক-দেউতাকৰ মনত কি হ'ব পাৰে আৰু ঘৰখনে কিদৰে সমাজত মুখ উলিয়াব‌ নোৱাৰা হয়। সেই কথা সুন্দৰভাৱে নাট্যকাৰ গৰাকীয়ে উপস্থাপন কৰিছে। বিশেষকৈ যোগেন শইকীয়াৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা জ্যোতিপ্ৰসাদ বৰাই কৰা মন-পৰশা অভিনয়ে দৰ্শকক মনত সাজ বহুৱাবলৈ সক্ষম হয় আৰু নৰেন হাজৰিকাৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা মাধূৰ্য্য দত্তৰ সুন্দৰ অভিনয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। সকলো অভিনেতা-অভিনেত্ৰীৰ নিজৰ সৰ্বোচ্চ উজাৰি অভিনয় কৰাৰ বাবে নাটকৰ বাস্তৱ কাহিনী ভাগক অধিক মনোগ্ৰাহী কৰি তোলে। এনে এখন নাটক পৰিচালক মৃনাঙ্ক শইকীয়াই সুন্দৰভাৱে পৰিচালনা কৰি নিজৰ পৰিচালনাৰ দক্ষতাৰ পৰিচয় দিয়ে। "ডেউকা ভঙা পখীৰ ক্ৰন্দন" নাটকখনত অভিনয় কৰা অভিনেতা-অভিনেত্ৰীসকলক আছিল পাৰ্থ শইকীয়া , উৎপল শইকীয়া , ধ্ৰুুৱ , মইনা ভড়ালী , দ্বীপম , জীৱন কৃঞ্চ গোস্বামী , বগাই বৰা , ৰুমা , পূৰ্ণীমা , পাপৰি, অংকুৰ দাস, ভাৰ্গৱ দাস। লগতে আৱহ সংগীতত আছিল মনোজ বৰা আৰু নেহা গগৈয়ে তিনিটা সুন্দৰ গীতত দিয়া কণ্ঠদানে নাটকখনক এক অন্য মাত্ৰা প্ৰদান কৰিলে ৷ গৌৰীসাগৰৰ ৰাইজে দীৰ্ঘদিনৰ মূৰত এখন সৰ্বাংগীন সুন্দৰ নাটক উপভোগ কৰে। " ডেউকা ভঙা পখীৰ ক্ৰন্দন" দৰে এখন সৰ্বাংগীন সুন্দৰ নাটকে আধুনিক অসমীয়া নাট্য আন্দোলনৰ কাৰণে এক যুগান্তকাৰী পদক্ষেপ হৈ ৰ'ব বুলি ক'ব পাৰি।