শিৱসাগৰঃ--- ১৯৬৭ চনতে স্থাপিত হোৱা শিৱসাগৰৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান হিচাপে পৰিচিত "শিৱসাগৰ যুৱদল"ৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে যোৱা ২৭ অক্টোবৰ তাৰিখে যুৱদলৰ প্ৰযোজনা আৰু অসমৰ বিশিষ্ট নাট্যকাৰ দেৱব্ৰত বৰঠাকুৰৰ ৰচনা আৰু পৰিচালনাৰে পূৰ্ণাঙ্গ নাটক "আৰক্ষী চকী" সফলতাৰে মঞ্চস্থ কৰা হয় ৷ উক্ত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত মঞ্চস্থ হোৱা "আৰক্ষী চকী" নাটকখনৰ নাট্যকাৰ বৰঠাকুৰে সাম্প্ৰতিক সময়ৰ কিছুমান বাস্তৱ আৰু সত্য ঘটনাৰ আলম লৈ নাট্যৰূপত উপস্থাপন কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় । এখন আৰক্ষী চকীত কি দৰে অ’ চি গোহাঁই দৰে আৰক্ষী বিষয়ায়ে নিজৰ কৰ্ম দক্ষতাৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মহেন্দ্ৰৰ দৰে এজন সমাজৰ সভ্য‌ - গব্য মুখা পিন্ধা ভণ্ড ভদ্ৰ ব্যক্তিৰ মুখা খুলি তেখেতৰ যি বিদ্যালয়ৰ সম্পত্তি আত্মহাত কৰাৰ কথা আছিল তেখেতৰ সেই সপোন অ চি গোহাঁইয়ে সফল হ'বলৈ নিদিয়াৰ লগতে তেখেতক উচিত আইনী ব্যৱস্থা গ্ৰহণ কৰে । সৰ্বসাধাৰণ মানুহৰ মাজত আৰক্ষী আৰু সাধাৰণ লোকৰ মাজৰ দূৰত্ব কমাই অনাৰ এক সুন্দৰ পৰিৱেশ গঢ়ি তোলাৰ যি পদক্ষেপ গ্ৰহণ কৰে সেয়া সঁচাই শলাগনীয় আৰু দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হয় । অ’ চি গোহাঁইৰ চৰিত্ৰ অভিনয় কৰা অভিনেতা ৰিপুঞ্জিত হাজৰিকাৰ বলিষ্ঠ অভিনয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় । লগতে গগৈ কনিষ্টবলৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা দেৱব্ৰত বৰঠাকুৰ আৰু নাথ কনিষ্টবলৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা গৌতম দত্ত ফুকনৰ খুহুতীয়া অভিনয়ে দশকৰ মুখত হাঁহিৰ খোৰাক যোগায় । লগতে অভিনয় কৰে অসমৰ ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় কৌতুক অভিনেতা অৰুণ বেজবৰুৱা আৰু প্ৰধান শিক্ষকৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হয় অসমৰ বিশিষ্ট নাট্যকাৰ তথা সুদক্ষ অভিনেতা ড° মণি পাঠকে ৷ আনহাতে ফুলকোঁৱৰৰ চৰিত্ৰত অভিনয় কৰা জেষ্ট অভিনেতা জীৱন দে’ৰ সুন্দৰ সংলাপ নিক্ষেপনে দৰ্শকৰ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি লাভ কৰিবলৈ সক্ষম হয়। "আৰক্ষী চকী" নাটকখনত অভিনয় কৰা বিশিষ্ট অভিনেতা সকল হ'ল-অনুপ ভট্টাচাৰ্য্য, হেম বৰুৱা, হেমন্ত ভূঞা, ড° প্ৰদীপ গগৈ, বন্দনা শইকীয়া, যদুমণি বড়া । নাটকখনৰ লগত জড়িত সকলোৱে নিজৰ সৰ্বোচ্চ উজাৰি অভিনয় কৰাৰ বাবে "আৰক্ষী চকী” নাটখন এক সৰ্বাংগীন সুন্দৰ নাটক হয় । সাংস্কৃতিককৰ্মী অভিনৱ দেৱ কাশ্যপ আৰু ফৰিদ আখতাৰ খানৰ মঞ্চসজ্জা, কলা নিৰ্দেশক আৰু আৱহ সংগীতে নাটক খনক এক নতুন গতি প্ৰদান কৰে । উক্ত নাটখনিৰ আলোকসজ্জাত আছিল প্ৰসন্ন জ্যোতি বৰঠাকুৰ । আৰক্ষী চকী নাটকৰ সকলো দিশ সুন্দৰ হোৱাৰ কাৰণে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় । "শিৱসাগৰ যুৱদলৰ" সভাপতি পূৰ্ণকান্ত বৰা আৰু সাধাৰণ সম্পাদক অৰ্ণৱ ৰঞ্জন চাংমাই তথা শিৱসাগৰ যুৱদলৰ বিষয়ববীয়াই গ্ৰহণ কৰা এনে‌ ধৰণৰ পদক্ষেপক ৰাইজে আদৰণি জনাইছে ৷ "আৰক্ষী চকীৰ" দৰে এখন সুন্দৰ নাটকে আধুনিক অসমীয়া নাট্য আন্দোলনৰ কাৰণে এক যুগান্তকাৰী পদক্ষেপ হৈ ৰ'ব বুলি ক'ব পাৰি।