বৃহস্পতিবাৰে নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী চাৰিচকীয়া বাহনে ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত তিনিজন লোকে কৰুণ মৃত্যুক সাৱটি লয়।

ঘটনাটো গুৱাহাটীৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ সোণাপুৰৰ সমীপৰ নাজিৰাখাটত সংঘটিত হৈছে।  

আৰক্ষীয়ে জানিব দিয়া অনুসৰি গুৱাহাটী অভিমুখে আহি থকা বাহনখনে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা ট্ৰাকখনত খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাটোত চাৰিচকীয়া বাহনখনৰ চালকসহ তিনিজন লোকৰ থিতাতে মৃত্যু হয়।

দুৰ্ঘটনাটোত মৃত্যু হোৱা লোক তিনিজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা নাই।

এই ঘটনাটোৰ পিছতে স্থানীয় আৰক্ষী ঘটনাস্থলত উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।