সমাগত শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ইয়াক লৈ সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখতো বিভিন্ন ৰাস মহোৎসৱ উদযাপন সমিতি ৰ দ্বাৰা ব্যাপক প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ ৰহা পুব খৰাগাঁওত এই বৰ্ষ প্ৰথম বাৰ্ষিক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ আয়োজন কৰা হৈছে।
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
ৰহা পুব সৰাগাওঁত মাধব কোঁৱৰ ক সভাপতি,লক্ষী প্ৰসাদ ডেকাক কাৰ্য্যকৰী সভাপতি আৰু বৰুন বিকাশ দাসক সম্পাদক হিচাপেলৈ ৪খন গাওঁৰ ৰাইজ মিলি পুব সৰাগাওঁ,পশ্চিম শালমৰা,ববৰাআটি আৰু মধুপুৰ ৰাস মহোৎসৱ উদযাপন সমিতি গঠন কৰি ৰাস মহোৎসৱ ৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে আৰু ইতিমধ্যে সমিতিয়ে ৰাসৰ আখৰা আৰম্ভ কৰিছে।
দেওবাৰে বিয়লী ৩বজাত পুব সৰাগাওঁত অনুষ্ঠিত ৰাসৰ আখৰাত স্থানিয় বোৱাৰী, জীয়াৰী আৰু কন কন শিশু সকলে আখৰাত অংশ গ্ৰহণ কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।
উদযাপন সমিতিয়ে জানিব দিয়ে যে অহা ১৪ আৰু ১৫নবেম্বৰত দুদিনীয়া কাৰ্য্যসূচীৰে শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ৰ আয়োজন কৰা হব।
ৰাসৰ আখৰাত স্থানিয় শতাধিক পুৰুষ মহিলা যুবক যুৱতী আৰু ৰাস মহোৎসৱ উদযাপন সমিতি ৰ প্ৰতিনিধি উপস্থিত থাকে।