শিৱসাগৰত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা

শিৱসাগৰ  জিলাত শান্তি -শৃংখলাৰ পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকা কৰি শিৱসাগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ বিতোপন নেওগৰ স্বাাক্ষৰিত নিদেৰ্শযোগে শিৱসাগৰ জিলাত তৎকালে বৎৱৎ হোৱাকৈ ভাৰতীয় ফৈজাাদাৰী  কাৰ্য্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে | এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত পাঁচজন লোক সমাবেশ , সভাসমিতি আয়োজন , শোভাযাত্ৰা উলিওৱা , শ্বহীদ বেদি নিৰ্মাণ , দেৱাল লিখন , শ্ন’গান ছপা কৰা , ব্যৱসায়ী প্ৰতিষ্ঠান বা কোনো ধৰনৰ কাৰ্য্যলয়ৰ পৰা বৰঙনি সংগ্ৰহ বা প্ৰদান কৰা  নিষিদ্ধ কৰিছে | অসামাজিক লোকৰ কাৰ্য্যকলাাপ যেনে গুলিচালনা , হত্যা , অপৰাধ , , ধনলুটৰ বন্ধ কৰিছে ৷ দুচকীয়া বাহন দুজন বা তাতোধিক লোক বিচৰণ নিষিদ্ধ কৰিছে ৷ কিন্ত মহিলা আৰু ৬০ বছৰ ব্যক্তি ৰেহাই দিয়া হব ৷