শিৱসাগৰঃ যোৰহাট জিলাৰ টীয়কৰ সমীপৰ মুদৈজান ৰজাবাৰী নিবাসী মানৱ অধিকাৰ কৰ্মী, পি চি পি ডি, অসমৰ উপদেষ্টা, সংগ্ৰামী নেতা জীৱেশ্বৰ শইকীয়াৰ যোৱা ২০ অক্টোবৰ, দেওবাৰে দুপৰীয়া ১২-০৫ বজাত পৰলোকপ্ৰাপ্তি ঘটে । তেখেতৰ মহাপ্ৰয়াণত অসমৰ জাতীয়তাবাদী শিৱিৰৰ লগতে অসমৰ সকলো অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে । এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জীৱেশ্বৰ শইকীয়াদেৱৰ স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনা কৰি পি চি পি ডিৰ তৰফৰ পৰা সাধাৰণ সম্পাদক উৎপল বুঢ়াগোহাঁইয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ আনহাতে তেখেতৰ বিয়োগত জাতীয় সংগঠন "সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম", কেন্দ্ৰীয় সমিতিৰ উপৰিও ধেমাজি জিলা সমিতি, শিৱসাগৰ জিলা সমিতি, গোলাঘাট জিলা সমিতিয়েও গভীৰ শোক প্ৰকাশ কৰিছে ৷