🔸ডিগবৈত মঙ্গলবাৰে বীৰ লাচিত সেনা অসমৰ একাংশ সদস্যই ড্ৰাগছৰ বিৰোধিতাৰে এটা সমদল উলিয়াইছিল । 

🔸এই সমদলৰ অনুমতি নথকাৰ অপৰাধত আৰক্ষীয়ে প্ৰহাৰ কৰিছিল বীৰ লাচিত সেনাৰ সদস্যক । 

🔸তাৰ প্ৰতিবাদত আজি ধাৰাপুৰ গড়লত প্ৰতিবাদ সাব্যস্ত কৰে গুৱাহাটী মহানগৰ বীৰ লাচিত সেনাই । 

🔸ধাৰাপুৰৰ পৰা বিমানবন্দৰলৈ যোৱা পথতে SDPO হেমন্ত বড়ো আৰু OC পৰাগজ্যোতি বুঢ়াগোহাইৰ দুটাকৈ পুত্তলিকা দাহ কৰে বীৰ লাচিত সেনাই ।

🔸এই আক্ৰমন অসমীয়াক কৰা বুলি মন্তব্য কৰে লগতে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে ।