শিৱসাগৰঃ শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত অভিনেতা ৰুমীন বৰুৱাই আঁত ধৰা এখন গাম্ভিৰ্য্যপূৰ্ণ সভাত অলপতে আৰ্হি প্ৰকাশনৰ উদ্যোগত উদীয়মান লেখিকা আস্থা ভৰালীৰ "Echo of My Insight" গ্ৰন্থখন উন্মোচন কৰে সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য‌্য তথা বিশিষ্ট লেখক ড০ জ্যোতিপ্ৰসাদ শইকীয়া, লোক সংস্কৃতিৰ গৱেষক, সংগীত নাটক অকাডেমী, নতুন দিল্লীৰ কাৰ্য্যকৰী পৰিষদৰ সদস্য, মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ অনিল শইকীয়া আৰু শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰতীম শৰ্মাৰ লগতে শিৱসাগৰ মহাবিদ্যালয় প্ৰাক্তন সহকাৰী অধ্যক্ষ মনিকা শইকীয়াই । শিক্ষাবিদ পঞ্জুমনি বৰুৱা, মণিকা বৰুৱা‌ আৰু মধুমিতা ভাগৱতীৰ তত্বাৱধানত আৰু আৰ্হি প্ৰকাশনৰ মুখ্য সমন্বয়ক তথা অসমৰ বিশিষ্ট নাট্যকাৰ, নাট‌ পৰিচালক, বিশিষ্ট শিক্ষাবিদ প্ৰশান্ত শৰ্মাৰ তত্বাৱধানত প্ৰকাশিত হোৱা "Echo of My Insight" গ্ৰন্থখনে পাঠক ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰিব বুলি গভীৰ আশাবাদী । শিৱসাগৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা সুদক্ষ অভিনেতা ড০ দিলীপ দাসে ভূপেন চক্ৰৱৰ্তীৰ কালজয়ী কবিতা 'আবোল তাবোল আৰু এটা হাৰিকেন' কবিতাটো সুন্দৰ আবৃত্তি কৰি সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়। গ্ৰন্থ প্ৰণেতা আস্থা ভৰালীয়ে গ্ৰন্থখনত নিজৰ মনৰ কিছুমান কথা সুন্দৰ ভাৱে উপস্থাপন কৰাৰ কথা কয়। বিশেষকৈ উক্ত গ্ৰন্থখনে যুৱ পাঠকৰ মনত এক চিন্তাৰ খুৰাক জন্মাবলৈ সক্ষম হ'ব, লগতে তেখেতে নিজৰ মাতৃয়ে কিদৰে খোজে প্ৰতি সঁহাৰি জনায়, সেই কথাও ব্যক্ত কৰি আৱেগিক হৈ পৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ বিশিষ্ট চিকিৎসক তথা নাট্যপীঠ 'ৰ সভাপতি ডাঃ দিলীপ কুমাৰ বৰুৱা, বিশিষ্ট শিক্ষাবিদ যুগল চন্দ্ৰ বৰা, বিশিষ্ট অভিনেতা হৰিহৰ প্ৰসাদ চাহুকে প্ৰমুখ্যে ভালে সংখ্যক গণমান্য ব্যক্তি ।৷