কামৰূপ আৰু তিনিচুকীয়া জিলাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞান আৰু শিক্ষাৰ আদান-প্ৰদানৰ লক্ষ্য আগত ৰাখি ১৫ আগষ্টত “জ্ঞানসেঁতু” নামৰ এক বৈদ্যুতিন শৈক্ষিক কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়। সমগ্ৰ শিক্ষা কামৰূপ আৰু তিনিচুকীয়াৰ মাজত হোৱা এক বুজাবুজিৰ জৰিয়তে এই আচঁনিখন ৰূপায়ণৰ পদক্ষেপ লোৱা হৈছে। যোৱা ১৫ আগষ্টত কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয়ৰ পৰা ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে কামৰূপ জিলাৰ উন্নয়ন আয়ুক্ত নৰসিং বেই “জ্ঞানসেঁতু” শৈক্ষিক আঁচনিখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। উদ্ধোধনী ভাষণত তেখেতে কয় যে এই শৈক্ষিক আঁচনিখনে দুয়োখন জিলাৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞানৰ বিনিময়ত বিশেষভাবে সহায় কৰিব। আঁচনি খনে জিলা দুখনত প্ৰতিভাৰ সন্ধান কৰা, সাংস্কৃতিক সমন্বয় ইত্যাদিত সহায় কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। উদ্ধোধনী অনুষ্ঠানত ভাগ লৈ তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্তই কয় যে ই এক ভাল পদক্ষেপ। আঁচনিখনে জিলাদুখনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নতুন চিন্তাৰ আদান-প্ৰদানত বিশেষভাবে সহায় কৰিব। তিনিচুকীয়া জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া বিণ্টী শৰ্মাই “জ্ঞানসেঁতু”ৱে ছাত্ৰ-ছাত্ৰীৰ মাজত লুকাই থকা প্ৰতিভাসমূহ বিকশিত কৰাত সহায় কৰিব বুলি কয়। এই কাৰ্যসূচীখন জিলা দুখনৰ মাজত পৰ্যায় ক্ৰমে অধিক সম্প্ৰসাৰিত কৰিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত ভাগ লৈ কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই কয় যে “জ্ঞানসেঁতু”ৱে বন্ধু জিলা দুখনৰ মাজত সমন্বয়ৰ সেঁতু গঢ়ি তুলিব । ইয়ে জিলা দুখনৰ মাজত আৰু অধিক শৈক্ষিক কৰ্মসূচী ৰূপায়ণৰ পথ প্ৰশস্ত কৰিব বুলিও তেওঁ কয়। কামৰূপ জিলাৰ শৈক্ষিক গোট “জ্ঞানম”ৰ সহযোগত আয়োজন কৰা উক্ত অনুষ্ঠানত “জ্ঞানম” পৰিয়ালৰ কৰ্ম-কৰ্তা সকলৰ লগতে বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য, সমগ্ৰ শিক্ষা কামৰূপৰ জিলা আঁচনি বিষয়া ক্ৰমে ফুলপাহি নাথ আৰু ছুইটী বেজবৰুৱা উপস্থিত থাকে। এই অনুষ্ঠানত জিলা দুখনৰ ছাত্ৰ-ছাত্ৰীসকলে ভালেমান সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি সকলোকে মুগ্ধ কৰে। উক্ত আঁচনি য়ে দুয়োখন জিলাৰ শৈক্ষিক ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সমগ্র ৰাজ্যৰ দৰে ঢকুৱাখনা মেৰকাঠনি গাঁৱত ৰাইজে সমজুৱাকৈ বিশ্বকৰ্মা পূজা আয়োজন কৰে।
সমগ্র ৰাজ্যৰ দৰে ঢকুৱাখনা মেৰকাঠনি গাঁৱত ৰাইজে সমজুৱাকৈ বিশ্বকৰ্মা পূজা আয়োজন কৰে।
বিশ্ব খনিকৰ...
Kareena Kapoor Khan Birthday:इतनी पढ़ी लिखी हैं Bebo,फिल्म के वसूलती है इतने करोड़,जान रह जाएंगे दंग
Kareena Kapoor Khan Birthday:इतनी पढ़ी लिखी हैं Bebo,फिल्म के वसूलती है इतने करोड़,जान रह जाएंगे दंग
India vs Afghanistan: अफगानिस्तान की बैटिंग पर अख्तर ने दिया ये रिएक्शन | World Cup | Shoaib Akhtar
India vs Afghanistan: अफगानिस्तान की बैटिंग पर अख्तर ने दिया ये रिएक्शन | World Cup | Shoaib Akhtar
ભારતીય જનતા પાર્ટી દ્વારા ગુજરાતના અલગ અલગ પાંચ સ્થળો સ્થળો પરથી ગૌરવ યાત્રા કાઢવામાં આવી.
એન્કર
ભારતીય જનતા પાર્ટી દ્વારા ગુજરાતના અલગ અલગ પાંચ સ્થળો પરથી ગૌરવ યાત્રા કાઢવામાં...
Gir Somnath I અંબાણી પરિવારના અનંત અંબાણીએ સોમનાથ ખાતે શિષ ઝુકાવ્યું I Divyang News
Gir Somnath I અંબાણી પરિવારના અનંત અંબાણીએ સોમનાથ ખાતે શિષ ઝુકાવ્યું I Divyang News