দেশৰ ৭৬সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পালন কৰিছে সমগ্ৰ দেশৰ চুকে-কোণে। সমান্তৰাল ভাৱে, ঐতিহাসিক চৰাইদেউ জিলাৰ সাপেখাতীটো আয়োজন কৰিছে স্বাধীনতা দিৱস। জিলা খনৰ সাপেখাতী উন্নয়ণ খণ্ডৰ উদ্যোগতো দিনজোৰা কৰ্যসূচীৰে স্বাধীনতা দিৱসটি উন্নয়ণ খণ্ডৰ চৌপাশত উদযাপন কৰে। পুৱা অনুভাষ যন্ত্ৰৰ যোগে দেশপ্ৰেমমূলক গীত পৰিৱেশনৰ পিছতে পুৱা ৮ বজাত বীৰ শ্বহীদ সকলৰ স্মৃতিত খণ্ড উন্নয়ন বিষয়া ৰণ্টু বৰুৱাই শ্বহীদ তৰ্পন কৰাৰ পিছতে অঞ্চলটোৰ বিভিন্ন জন বয়োজ্যেষ্ঠ , অঞ্চলটোৰ বহুজন গণ্য মাণ্য ব্যক্তিয়ে শ্বহীদ তৰ্পণ কৰে।ইয়াৰ পিছতে উন্নয়ন খণ্ডৰ সমূহ বিষয়া কৰ্মচাৰীৰ নিজা দান বৰঙণিৰে নিৰ্মাণ কৰা প্ৰায় ৩০হাজাৰ টকাৰ ব্যয়ৰ পতাকা বেদিটো আনুষ্ঠানিক উদ্বোধন কৰে সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চন্দ্ৰ বাহাদুৰ প্ৰধানে।ইয়াৰ পাছতে পুৱা ৮.৩০বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে সাপেখাতী উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া ৰন্টু বৰুৱাই। দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি প্ৰদান কৰা বক্তব্য খণ্ড উন্নয়ণ বিষয়া ৰন্টু বৰুৱাই যি সকল মহান ব্যক্তিৰ অপ্ৰাণ কষ্ট আৰু ত্যাগৰ ফলত নিজৰ দেশখন স্বাধীনতা লাভ কৰিলে সেই সকল মহান যুদ্ধাক স্মৰণ কৰাৰ সমান্তৰালকৈ উন্নয়ণ খণ্ডৰ অন্তৰ্গত স্বাধীনতাৰ সেনানি ক্ৰমে সুৰেন্দ্ৰ নাথ বৰুৱা,সুখেন গগৈ,গগন গগৈ, জগন্নাথ বৰঠাকুৰ,জয়ৰাম বড়া,ফনীন গগৈ,শশী ফুকন,নিৰোদ বৰণ চৌধাৰী,গুণকান্ত শৰ্মা,ৰমাপদ ভট্টাচাৰ্য আৰু চন্দ্ৰ দাসক স্মৰণ কৰে।ইয়াৰ ওপৰিও ভাষণত খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে চৰকাৰী উন্নয়ন মূলক আচনি সমূহৰ সন্দৰ্ভত ব্যক্ত কৰাৰ লগতে উন্নয়ন খণ্ডটিত বৰ্তমানলৈকে সফল হোৱা আৰু পূৰ্ণ গতিত চলি থকা চৰকাৰী আচনি সমূহৰ সন্দৰ্ভত ৰাইজৰ আগত ব্যক্ত কৰে। ইয়াৰ পিছতে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা সাংস্কৃতিক আৰু সম্বৰ্ধনা কাৰ্যসূচীৰ উদ্বোধন কৰে সমাজ কৰ্মী বাণী চাংমাইয়ে। উক্ত অনুষ্ঠানটোত শংকৰদেৱ শিশু নিকেতন সাপেখাতী আৰু সাপেখাতী ব্ৰুক ফিল্ড ইংলিছ স্কুলৰ ছাত্ৰ ছাত্ৰী সকলে দেশপ্ৰেমমূলক গীতৰ আধাৰত সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে। সাংস্কৃতিক কাৰ্যসূচীৰ মাজে মাজে উন্নয়ন খণ্ডটিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ ১৪গৰাকী খেতিয়কক সম্বৰ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানটিত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত পদক বুটলিবলৈ সক্ষম হোৱা উদয়শ্ৰী পঞ্চায়তৰ ভেৰ্টান খেলুৱৈ দেৱলতা বাইলুং বৰুৱা আৰু সদ্য সমাপ্ত অসম যুৱ অলিম্পিকত সাতোৰত তিনিটাকৈ সোণৰ পদক লাভ কৰা ৰহন পঞ্চায়তৰ দিশা গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ উপৰিও চৰাইদেউ জিলাৰ ভিতৰত সৰ্বোচ্চ ৯৬.৮৩শতাংশৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শংকৰদেৱ শিশু নিকেতন সাপেখাতীৰ চাহিন চুহানা আহমেদ আৰু ৯১.০৫ শতাংশ লৈ সাপেখাতী ব্ৰুক ফিল্ড ইংলিছ স্কুলৰ পৰা উত্তীৰ্ণ হোৱা উন্নয়ন খণ্ডৰ কৰ্মচাৰী কানু ৰাজবংশীৰ পুত্ৰ চিণ্টু ৰাজবংশী আৰু কৰ্মচাৰী সাবিত্ৰী চাংমাইৰ পুত্ৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কল্পমণি গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Xiaomi यूजर्स के लिए खुशखबरी! कंपनी ने पूरा किया वादा; Android 14 बेस्ड HyperOS हुआ रोलआउट
Android 14 Based HyperOS Update शाओमी ने HyperOS को 29 फरवरी से रिलीज करना शुरू कर दिया है।...
Ahmedabad નો યુવક 30 મિનિટમાં બન્યો કરોડપતિ , 11, 677 કરોડ રૂપિયા આવ્યા ખાતામાં
Ahmedabad નો યુવક 30 મિનિટમાં બન્યો કરોડપતિ , 11, 677 કરોડ રૂપિયા આવ્યા ખાતામાં
Kerala: विदेश सचिव नहीं, केरल सरकार ने वरिष्ठ IAS ऑफिसर वासुकी को दी है ये जिम्मेदारी
तिरुवनंतपुरम। वरिष्ठ आईएएस अधिकारी के. वासुकी को 'विदेशी सहयोग' से संबंधित अतिरिक्त कार्यभार...