ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ নিৰাপত্তা ব্যৱস্থাৰ ফুপোলা স্বৰূপ উদঙাই আদালতৰ লকাপৰ ভিতৰত থকা লেটিনৰ খিৰিকীৰ গীল, গ্লাছ ভাঙি পলাবলৈ সক্ষম হয় গেৰজাই লগতে দুজনকৈ দুধৰ্ষ অপৰাধী । সমগ্ৰ ঢকুৱাখনাৰ বাবে সন্ত্ৰাসৰ আন এটা নাম গেৰজাই। চুৰি, ডকাইতিৰ পৰা আৰম্ভ কৰি বহু অপৰাধজনিত ঘটনাত জড়িত দুৰ্ধৰ্ষ অপৰাধী গেৰজাই ওৰফে ৰাজু বৰুৱা লগতে পলাল দুজনকৈ অপৰাধী। ইয়াৰে এজন বৰদৈবামৰ যতীন তামুলী আৰু আনজন হৈছে ঢকুৱাখনাৰ হুজগাঁৱৰ-সুন্তি দাস ৷ সাধাৰণ পঞ্জীয়ন নং- ৭৫/২০২১ , ১০৬/২০২১ ,২৬৩/২০২১ গোচৰৰ হাজোতী গেৰজাই বৰুৱা , ১০৬/২০২১ গোচৰৰ হাজোতী সোনটি দাস আৰু পি আৰ চি ১৯৪/২০২২ গোচৰৰ হাজোতী যতীন তামুলী এই তিনিওজনক মঙ্গলবাৰে ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদলতৰ ন্যায়িক জিম্মাত হাজিৰ কৰিবলৈ বুলি আনি ন্যায়িক আদালতৰ ভিতৰৰ লকাপত ৰাখিছিল আৰু অৱশেষত লকাপৰ পৰাই পলায়ন কৰিছিল আটাইকেইটা ৷ ইপিনে পলাতক অভিযুক্ত কেইটাৰ সন্ধানত ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞা , সদৰ থানাৰ অচি নৱজ্যোতি ৰয় , উপ পৰিদর্শক দীনেশ মেধি নেতৃত্বত এটা আৰক্ষী ,অৰ্ধ সামৰিক বাহিনীৰ দলে মহকুমা ন্যায়িক দণ্ডাধীশৰ আদলতৰ পাছফালৰ বান্তৌ পথাৰ সমগ্ৰ এলেকা বেৰি ধৰি আৰক্ষী আৰু বান্তৌ গাৱঁৰ ৰাইজৰ সহযোগত চলোৱা অভিযানত বান্তৌ পথাৰ মাজৰ পৰা বৰদৈবামৰ যতীন তামুলী নামৰ অপৰাধী জনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও বাতৰি লেখা পৰলৈকে দুধৰ্ষ অপৰাধী গেৰজাই ওৰফে ৰাজু বৰুৱা আৰু সোনটি দাসৰ কোনো সম্ভেদ পোৱা নাই ৷

উল্লেখ্য যে, ২০২১ৰ ২৪ ছেপ্টেম্বৰত ঢকুৱাখনাত আৰক্ষীয়ে এনকাউন্টাৰ কৰি আটক কৰিছিল গেৰজাইক৷ পৰৱৰ্তী সময়ত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হোৱা ডকাইতটো ২২ জানুৱাৰীতো আৰক্ষীৰ জিম্মাৰ পৰাই পলায়ন কৰিছিল লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড ৱাৰ্ডৰ পৰা ৷ লক্ষ্যনীয় বিষয় এই যে আৰক্ষী কটকটিয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পাছতো চিকিৎসাধীন হৈ থকা বা আদালতৰ চৌহদলৈ অনা ডকাইত কিদৰে পলায়ন কৰিবলৈ পালে ই এক ৰহস্যৰ সৃষ্টি কৰিছে ৷ এই ঘটনাৰ পাছতে লখিমপুৰ আৰক্ষীৰ কৰ্তব্যৰ নামত সোপাধিলা স্বৰূপটো উলাই পৰাৰ লগতে উচ্চ আৰক্ষী বিষয়াৰ দায়িত্বৰ প্ৰতি অৱহেলাৰ নে কি ইয়ো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷ ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিছতে লখিমপুৰ আৰক্ষীৰ সোপাধিলা স্বৰূপ উন্মোচিত হৈ পৰিছে বুলি বহুতে মন্তব্য কৰিছে।