আজি ৫অক্টোবৰ তাৰিখে মৰাণহাট স্থিত লোক নিৰ্মান বিভাগৰ পৰিদৰ্শন ভৱনত চৰাইদেউ জিলাৰ মাহমৰা সম জিলাৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ ৰাজহ ও দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে। সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাটো সাধাৰণ জনগণৰ কাষ চপাই লৈ যোৱাৰ উদ্দেশ্যে ড°হিমন্ত বিশ্ব শৰ্মা চৰকাৰ খনৰ ইএক যুগান্তকাৰীপদক্ষেপ বুলি অভিহিত কৰে মন্ত্ৰী যোগেন মহনে। ৩৯খন সমজিলাত এই উদ্দেশ্য আগত ৰাখি উদ্বোধন কৰা হয় বুলি মন্ত্ৰীজনাই মত আগবঢ়াই। বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি সমুহ যাতে সহজতে পাব পাৰে , সেই উদ্দেশ্যে প্ৰশাসনিক সাল সলনি আৰু নতুনকৈ সমজিলাৰ উদ্বোধন কৰা হয় বুলি মন্তব্য কৰে।
এই উদ্বোধনী অনুষ্ঠানত সোনাৰী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱৰ উপস্থিত থকাৰ উপৰিও বহু সংখ্যক গণ্য-মান্য লোক আৰু বিজেপিৰ কৰ্ম কৰ্তা সকল আৰু ৰাইজ উপস্থিত থাকে।