৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিশ্বনাথ জিলা প্ৰশাসনে বিভিন্ন ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা আৰু কোভিড-১৯ৰ বিৰুদ্ধে সন্মুখৰ পৰা যুজঁত অৱতীৰ্ণ হোৱা 'কোভিড যোদ্ধা' প্ৰমুখ্যে জিলাখনৰ ৩৯ গৰাকীকৈ ব্যক্তি-কৰ্মচাৰী, বিষয়া, প্ৰগতিশীল কৃষক, এড়ি, মীন পালক, আৰক্ষী, গৃহৰক্ষী জোৱান, কৃতী ছাত্ৰ ছাত্ৰী, খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন কৰে। বিশ্বনাথ চাৰিআলিৰ ষ্টেডিয়ামত বিয়লি ৩ বজাত উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক নবীন সিঙ, অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ শইকীয়া, সহকাৰী আয়ুক্ত অনন্যা লহকৰ লগতে জিলাখনৰ ক্ৰীড়া সন্থাৰ লগত জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সম্বৰ্দ্ধনা অনুষ্ঠানত জিলাখনৰ এই বিশেষ ব্যক্তিসকলক সম্বৰ্ধনা পত্ৰ, গামোচা আদিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। জিলা প্ৰশাসনে এইবেলি স্বাধীনতা দিৱসত সম্বৰ্দ্ধনা জনোৱা এই ব্যক্তিসকল হৈছে - উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা(কলা শাখা)ত অসমৰ ভিতৰতে তৃতীয় স্থান প্রাপ্ত কৃতী ছাত্র নিলয় কুৰ্মী, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দশম শ্ৰেণীৰ পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় স্থান প্রাপ্ত কৃতী ছাত্ৰী লোচনা বাচটোলা, নতুন দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ত 'সন্ত ঈশ্বৰ সেৱা সন্মান' বঁটাপ্ৰাপক সুচিকিৎসক, সুসাহিত্যিক, সমাজসেৱক ডাঃ অমল শইকীয়া, ৰাষ্ট্ৰীয় মীন পালক দিৱসত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ত্ৰিপুৰাৰ মীন মহাবিদ্যালয়ে অসম চৰকাৰৰ মীন বিভাগৰ অনুমোদন মৰ্মে ৰাজ্যৰ শ্ৰেষ্ঠ মীনপালক হিচাপে সন্মানিত কৰা প্ৰগতিশীল মীন পালক, পাভৈ ফিচ ফাৰ্মৰ ভাৰ্গৱ ভাগৱতী, দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰঞ্জন শইকীয়া, অসম চৰকাৰৰ অভিলাসী আঁচনি "মিছন বসুন্ধৰা"ৰ কাম-কাজ সফল ৰূপায়নৰ ক্ষেত্ৰত অসমৰ ভিতৰতে "শ্ৰেষ্ঠ লাট মণ্ডল" ৰূপে সন্মানিত হেলেম ৰাজহ চক্ৰৰ লাট মণ্ডল মেঘনাথ কামান, বিশ্বনাথ জিলা কাৰাগাৰৰ কাৰাধ্যক্ষ ৰবিৰাম ইংতি, বালিচাং আদৰ্শ চিকিৎসালয়ৰ এ.এন.এম. অৰুনা তপ্ন, জিনজিয়া মিজিকাজান দ গেৰেকীৰ প্ৰগতিশীল কৃষক কুশল দৈমাৰী, কলাবাৰী চেংমৰা জাৰনিৰ প্ৰগতিশীল মীন পালক ৰঞ্জিত হাজৰিকা, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী তথা তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত দায়িত্ব পালন কৰা গজেন বৰুৱা, বেদেতী বিহমাৰীৰ এড়ি পালক ৰুনু দাস, বিহালী সংহত শিশু বিকাশ প্ৰকল্পৰ অংগনবাড়ী কৰ্মী তগৰ হাজৰিকা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শাখা সহায়ক জিতেন ৰংহাং, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰোতা প্ৰতিভাশালী চাইক্লিষ্ট ডুবিয়া বড়িগাঁৱৰ চয়নিকা গগৈ, স্বৰ্ণ পদক বিজয়ী ৰাষ্ট্ৰীয় উশ্বু খেলুৱৈ নিংচী বৰফুকন, ৰূপৰ পদক বিজয়ী ৰাষ্ট্ৰীয় উশ্বু খেলুৱৈ কিৰন চেত্ৰী, ব্ৰঞ্জৰ পদক বিজয়ী ৰাষ্ট্ৰীয় উশ্বু খেলুৱৈ

মনীষ চেত্ৰী, ব্ৰঞ্জৰ পদক বিজয়ী ৰাষ্ট্ৰীয় উশ্বু খেলুৱৈ,

নাং মিংবী বৰফুকন আৰু দিব্যা আচাৰ্য, অসম যুৱ অলিম্পিক-২০২২ ত স্বৰ্ণ পদক বিজয়ী উশ্বু খেলুৱৈ স্নেহা বৰা, দীক্ষা তেৱাৰী, প্ৰান্তিকা বৰা, অনুভৱ বৰা, অজয় কুৰ্মী, ধনঞ্জয় নাৰ্জাৰী, ৰূপৰ পদক বিজয়ী জুদু খেলুৱৈ ভাস্কৰজ্যোতি শইকীয়া, ব্ৰঞ্জৰ পদক বিজয়ী জিমনাষ্টিক খেলুৱৈ জীয়া স্বৰ্গীয়াৰী, অসম আৰক্ষীৰ পাঁচ জোৱান ক্ৰমে খঞ্জন মৰাঙ , মিন্টু বৰা, মুনীন্দ্ৰ কাকতি, গকুল কলিতা, চন্দন দাস, গৃহৰক্ষী বাহিনীৰ তিনি জোৱান ক্ৰমে শৰৎ দাস, সীমান্ত গগৈ, ৰঞ্জু ভুঞা, গহপুৰ বালিটিকা গাওঁৰক্ষী বাহিনীৰ সম্পাদক প্ৰাঞ্জল দত্ত, বিহালী থানা গাওঁৰক্ষী বাহিনীৰ সম্পাদক চিৰাজ হাজৰিকা আৰু ভাটা মাটি গাওঁৰক্ষী বাহিনীৰ সম্পাদক ধীৰাজ সোণাৰী। উল্লেখ্য যে এই অনুষ্ঠানতে জিলাখনৰ ধঁপাতমুক্ত শিক্ষানুষ্ঠান হিচাবে বিশ্বনাথ মহাবিদ্যালয়ৰ হৈ অধ্যক্ষ ড০ চিন্তামনি শৰ্মা আৰু আয়ুষ্মান ভাৰতৰ অধীনত অনুকৰণীয় প্ৰদৰ্শনৰ বাবে বিশ্বনাথ চাৰিআলি মহকুমা চিকিৎসালয়ৰ হৈ অধীক্ষক ডাঃ জোনালী গগৈক শ্ৰেষ্ঠতাৰ বঁটা প্ৰদান কৰা হয়। একেদৰে স্বাধীনতা দিৱস উপলক্ষে কুচকাৱাজ প্ৰদৰ্শনৰ বাবে জৱাহৰ নৱোদয় বিদ্যালয় বেণ্ড পাৰ্টীক প্ৰথম, বিশ্বনাথ মহাবিদ্যালয় এন চি চি(ছোৱালী) দলক দ্বিতীয়, জৱাহৰ নৱোদয় বিদ্যালয়(ছোৱালী) দলক তৃতীয় দল হিচাপে আৰু শ্ৰেষ্ঠ কুচকাৱাজ পৰিচালক হিচাপে নিহাৰিকা বসুমতাৰী(জৱাহৰ নৱোদয় বিদ্যালয় বেণ্ড পাৰ্টী)ক বঁটা প্ৰদান কৰাৰ লগতে জিলা প্ৰশাসনৰ ত্বতাৱধানত বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ দ্বাৰা অনুষ্ঠিত ৰচনা, চিত্ৰাংকন, খেল ধেমালি প্ৰতিযোগিতা, জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ দ্বাৰা অনুষ্ঠিত দেৱাল অংকন প্ৰতিযোগিতাত বিজয়ী সকলকো বঁটাসমূহ প্ৰদান কৰা হয়। সেই দৰে 'আজাদী কা অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি আৰু 'হৰ ঘৰ তিৰংগা' উপলক্ষে বিশ্বনাথ জিলা প্ৰশাসনে বিশ্বনাথ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত অনুষ্ঠিত কৰা ছুটি ছবি নিৰ্মাণ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ছুটি ছবি হিচাপে অচ্যুত কৃষ্ণ দাসৰ পৰিচালনাত নিৰ্মাণ কৰা 'বিজয়ধ্বজ্জা' আৰু বিচাৰকৰ বিশেষ বঁটাৰ বাবে নিৰ্বাচিত বিজিত দাসৰ পৰিচালনাত নিৰ্মাণ কৰা 'স্বাধীন শিকলি'ক পুৰষ্কৃত কৰা হয়।