চিলাপথাৰ ১৬ আগষ্ট: ৰাজ্যৰ অন্যান্য অংশৰ লগতে ধেমাজি জিলাতো অৰুণোদয় আঁচনিৰ পুনৰীক্ষণৰ কাম অহা ২০ আগষ্টৰ পৰা আৰম্ভ হ'ব। সেয়ে যিসকল হিতাধিকাৰীয়ে এই আচঁনিৰ যোগ্য অধিকাৰী নহয় বা পৰিবৰ্তিত পৰিস্থিতিত তেওঁলোকে এই আচঁনিৰ হিতাধিকাৰী হোৱাৰ যোগ্যতা হেৰুৱাইছে তেওঁলোকক আঁচনিৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিবলৈ জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই আহ্বান জনাইছে। এখন জাননীত তেওঁ এই কথা প্ৰকাশ কৰি কয় যে, ৱেব চাইটলৈ গৈ www.orunodoi.in ত হিতাধিকাৰীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰিব পাৰিব। অথবা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয় নতুবা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ১৯ নং কোঠাত এই সম্পৰ্কীয় আবেদন জমা দিব পাৰিব বুলি কোৱা হৈছে।কোনো চৰকাৰী কৰ্মচাৰীৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভূক্ত হৈ থকাটো ধৰা পৰিলে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এক বিজ্ঞপ্তি যোগে জনাইছে । এই আচঁনিত নতুন হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবেও জিলা প্ৰশাসনে ব্যৱস্থা হাতত লৈছে বুলি তেওঁ জানিবলৈ দিয়ে।