চিলাপথাৰ ১৬ আগষ্ট: ৰাজ্যৰ অন্যান্য অংশৰ লগতে ধেমাজি জিলাতো অৰুণোদয় আঁচনিৰ পুনৰীক্ষণৰ কাম অহা ২০ আগষ্টৰ পৰা আৰম্ভ হ'ব। সেয়ে যিসকল হিতাধিকাৰীয়ে এই আচঁনিৰ যোগ্য অধিকাৰী নহয় বা পৰিবৰ্তিত পৰিস্থিতিত তেওঁলোকে এই আচঁনিৰ হিতাধিকাৰী হোৱাৰ যোগ্যতা হেৰুৱাইছে তেওঁলোকক আঁচনিৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিবলৈ জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই আহ্বান জনাইছে। এখন জাননীত তেওঁ এই কথা প্ৰকাশ কৰি কয় যে, ৱেব চাইটলৈ গৈ www.orunodoi.in ত হিতাধিকাৰীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰিব পাৰিব। অথবা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয় নতুবা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ১৯ নং কোঠাত এই সম্পৰ্কীয় আবেদন জমা দিব পাৰিব বুলি কোৱা হৈছে।কোনো চৰকাৰী কৰ্মচাৰীৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভূক্ত হৈ থকাটো ধৰা পৰিলে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এক বিজ্ঞপ্তি যোগে জনাইছে । এই আচঁনিত নতুন হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবেও জিলা প্ৰশাসনে ব্যৱস্থা হাতত লৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বহু উৎকণ্ঠাৰ অন্তত আজি ধ্বংসস্তূপত পৰিণত নয়দাৰ টুইন টাৱাৰা
বহু উৎকণ্ঠাৰ অন্তত আজি ধ্বংসস্তূপত পৰিণত নয়দাৰ টুইন টাৱাৰা। নয়দাস্থিত প্ৰায় ১০০ মিটাৰ ওখ...
નિતિનભાઈ અગ્રાવત સાહેબ આરેણા સીવમ ચક્ષુદાન કેન્દ્ર ખાતે શુભેચ્છા મુલાકાત લીધી
તા.૧૧/૯/૨૨ ના દિવસે રાજકોટના કોઠારીયા નિદાન કેન્દ્રના શ્રી નિતિનભાઈ અગ્રાવત સાહેબ આરેણા સીવમ...
ब्रेस्ट कैंसर के शुरुवाती लक्षण क्या है? | Breast Cancer Symptoms You Must Not Ignore | Dr. Supriya
ब्रेस्ट कैंसर के शुरुवाती लक्षण क्या है? | Breast Cancer Symptoms You Must Not Ignore | Dr. Supriya
মৰাণ মহিলা মহাবিদ্যালয় ছাত্ৰী একতা সভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়লাভ
মৰাণ মহিলা মহাবিদ্যালয় ছাত্ৰী একতা সভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়লাভ