বৰহাট মহাবিদ্যালয়ৰ সপ্তবিংশতিতম প্ৰতিষ্ঠা দিৱসত সাংসদ তপন কুমাৰ গগৈ।
চৰাইদেউ জিলাৰ বৰুৱাছালি মৌজাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয় সপ্তবিংশতিতম প্ৰতিষ্ঠা দিৱসটো আজি মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে বৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০প্ৰমোদ বৰগোহাঁই।স্মৃতি তৰ্পণ কৰে সমাজকৰ্মী গদ্ ৰাম গগৈয়ে।বিয়লি বৰহাট মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কৃষ্ণ বৰুৱাৰ পৌৰোহিত্বতত অনুষ্ঠিত সভা খন আঁত ধৰে বৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০প্ৰমোদ বৰগোঁহাই।সভাত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে বৰহাট মহাবিদ্যালয়ৰ আন্তঃগাঠনি,শৈক্ষিক পৰিবেশ আদি বিভিন্ন দিশত আলোকপাত কৰাৰ লগতে বিশ্বৰ শৈক্ষিক মানচিত্ৰত যাতে বৰহাট মহাবিদ্যালয়ৰ নাম উজ্বলি উঠিবলৈ মহাবিদ্যালয়ৰ অধ্যক্ষ, প্ৰৱক্তা তথা ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ আগবঢ়ায়। আনহাতে সভাত সদৌ অসম গাওঁ বুঢ়া সন্থাৰ সভাপতি গোবিন গগৈ, বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বংশীধৰ লাহন,বৰহাট জাতীয় বিদ্যালয়ৰ সঞ্চালক অৰুণজ্যোতি গগৈ, ডেলেহী বৰপাত্ৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তোলন গগৈ প্ৰমুখ্যে বৰহাট মহাবিদ্যালয়ৰ প্ৰৱক্তা সকল,বৰহাট অঞ্চলৰ বিভিন্ন সচেতন লোকে অংশগ্ৰহণ কৰে।