শিৱসাগৰঃ বিশ্বৰ খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ দিনায়ে শিৱসাগৰ নগৰৰ কে পি এম চাৰিআলিৰ সমীপৰ জনপ্ৰিয় অফছেট প্ৰিন্টিং প্ৰেছ স্পেকট্ৰাম অফছেট এ "স্পেকট্ৰাম প্ৰকাশন" নামেৰে এক নতুন যাত্ৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰে ৷ উল্লেখযোগ্য যে, এই স্পেকট্ৰাম প্ৰকাশনৰ যোগেদি লেখক-লেখিকাসকলৰ ভাৱধাৰাসমূহ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমৰ দ্বাৰা সাহিত্যপ্ৰেমী ৰাইজৰ কাষলৈ লৈ যোৱাৰ এক প্ৰয়াস কৰাৰ লগতে লেখক-লেখিকা আৰু প্ৰকাশনৰ মাজৰ চুক্তিবদ্ধতাৰ সন্দৰ্ভতো স্বচ্ছতা অৱলম্বন কৰাত বিশেষভাৱে মনোনিৱেশ কৰা হ’ব বুলি স্পেকট্ৰাম অফছেটৰ তত্বাৱধায়ক মনজিৎ বৰদলৈ আৰু বন্দনা কৌশিক বৰদলৈয়ে জানিবলৈ দিয়ে ৷ উক্ত অনুষ্ঠানত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্ত, বিশিষ্ট কবি-লেখিকা অশ্ৰুমণি দত্ত ঘোষ, ডাঃ বীনাপাণি হাজৰিকা, সাংবাদিক অনন্ত স্মিথ, ডাঃ অঞ্জনা শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷