নগাঁও  জিলা ৰনথলি স্থিত ডুগডুগী নৱম বাৰ্ষিক দুৰ্গা পুজা ৰ মুখ্য আকৰ্ষণ পেৰিছ আইফেল টাৱাৰ।

    নগাঁও জিলা ৰ ৰনথলি স্থিত জনপ্ৰিয় অসমীয়া কেচাঁ সোন গহনাৰ জনপ্ৰিয় প্ৰতিষ্ঠান ডুগডুগী প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষও শাৰদীয় শ্ৰীশ্ৰী দুৰ্গা পুজা ৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

    ডুগডুগী স্বতাধিকাৰী তথা কবি, লেখক উৎপল বনিয়াই জানিব দিয়ে যে এই বৰ্ষ ডুগডুগী দুৰ্গা পুজাৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে আৰু এই বৰ্ষ ডুগডুগী দুৰ্গা পুজাৰ মণ্ডপ পেৰিছ আইফেল টাৱাৰ আৰ্হিত নিৰ্মান কৰা হব যাৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

       নগাঁও জিলাৰ ননৈ অঞ্চলৰ উদিয়মান যুবক যুৱক অঞ্জন, বাবুৰ দৰে অসমীয়া থলুবা শিল্পীয়ে কাঠ,বাঁহ,প্লাইবৰ্ড মূল প্ৰবেশ দ্বাৰ বিশ্ব বিখ্যাত পেৰিছৰ আইফেল টাৱাৰ আৰ্হিত ৭০ফুট উচ্চতাৰ পুজা পণ্ডপ নিৰ্মাণ কৰাৰ লগতে নব প্ৰজন্মৰ খেলৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্য বেডমিন্টন, হকী,বক্সীং সহ বিভিন্ন খেল ধেমালীৰ প্ৰতিক চিহ্ন ষ্টেডিয়াম বিবৰণ দাঙি ধৰাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে।

  অসমীয়া কেচাঁ সোনৰ গহনা ক বিশ্ব দৰবাৰত লৈ যোৱা ৰ উদ্দেশ্য  মা দূৰ্গাৰ গলত অসমীয়া কেঁচা গহনাৰ আ অলংকাৰ পৰিধান কৰা হব যাৰ বাবে ৯০০শিল্পীয়ে অসমীয়া গহনা তৈয়াৰ কৰাত ব্যস্ত হৈ আছে ।

    লগতে সপ্তমী ত ৰনথলী আদৰ্শ ২নং শিৱমন্দিৰ লোকগীত দল,মৰিগাঁও কৃষ্ণচুডা নামতি দলৰ দ্বাৰা দিহানাম পৰিবেশন, অষ্টমীত শংকৰী কলা নৃত্য পৰিচালনাত নৃত্য ৰ এ সন্ধ্যা,বঢ়মপুৰ আঞ্চলিক হৰিভকত নামতি দলৰ দিহানাম পৰিবেশন আৰু  নৱমী নিশা চন্দ্ৰাবলী কেলিগোপাল ৰাস পৰিচালনা দলৰ দ্বাৰা কেলিগোপাল নাটৰ আধাৰত শ্ৰীকৃষ্ণ ৰাসলীলা প্ৰদৰ্শন কৰা হব