জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত পুনৰ সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে এজন কাশ্মীৰী হিন্দুক। কাশ্মীৰ আৰক্ষীয়ে এই ঘটনাৰ বিষয়ে জনোৱা মতে, শ্বোপিয়ানৰ এখন আপেল বাগিচাত সন্ত্ৰাসবাদীয়ে কৰা গুলীচালনাত এজন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ ভাতৃ আহত হয়। 

আক্ৰমণৰ বলি হোৱা দুয়োজনেই হিন্দু সম্প্ৰদায়ৰ।

কাশ্মীৰ আৰক্ষীয়ে টুইট কৰি কয় যে, ‘শ্বোপিয়ানৰ চোটিপোৰা অঞ্চলৰ এখন আপেল বাগিচাত সন্ত্ৰাসবাদীয়ে সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনা কৰে। গুলীচালনাত এজন নিহত আৰু আন এজন আহত হয়। দুয়োজনেই সংখ্যালঘু সম্প্ৰদায়ৰ’।

গুলীচালনাত আঘাত হোৱা লোকজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লোৱা এজন ভাতৃক সুনীল কুমাৰ আৰু আনজনক পিণ্টু বুলি চিনাক্ত কৰিছে।