চিলাপথাৰৰ ব্ৰহ্মপুৰ বড়ো প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ অনিয়ম- দুৰ্নীতি কৰাৰ অভিযোগ ৰাইজৰ
চিলাপথাৰৰ ব্ৰীজবাড়ী ব্ৰমপুৰ গাৱঁৰ শতাধিক অভিভাৱক নামিল প্ৰতিবাদত ৷ অভিযোগ অনুসৰি ব্ৰহ্মপুৰ বড়ো প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অম্বিকা বসুমতাৰীয়ে সুদীৰ্ঘ দিন ধৰি বিদ্যালয়খনত চলাই আহিছে দুৰ্নীতি- অনিয়ম ৷ প্ৰধান শিক্ষক গৰাকীয়ে মধ্যাহ্ন ভোজনৰ পৰা ধৰি আন্তঃগাঁথনিৰ ধন বিদ্যালয় পৰিচালনা সমিতিৰ অজ্ঞাতে খেয়াল খুচিমতে আত্মসাৎ কৰা বুলি পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে ৰাইজৰ আগত মন্তব্য আগবঢ়াই ৷ তদুপৰি ২৫ গৰাকী ছাত্ৰছাত্ৰীৰ বিপৰীতে এইজন প্ৰধান শিক্ষক গৰাকীয়ে অকলশৰীয়াকৈ পাঠদান প্ৰদানৰ নামত পাঠদানৰ ক্ষেত্ৰত কোনোধৰণৰ ধৰাবন্ধা সময় মানি নচলাৰ উপৰিও বিদ্যালয়ত আহি কিছুসময় জিৰণি লয়ে সুৰাপান কৰিবলৈ যোৱাৰ লগতে এক জৰাজীৰ্ণ পৰিৱেশত বিদ্যালয় চলোৱাত দিনক দিনে ছাত্ৰছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা বুলিও ৰাইজে সদৰী কৰি অতিশীঘ্ৰে পুনৰ শিক্ষাৰ পৰিৱেশ ঘুৰাই আনিব পৰাকৈ অন্য এগৰাকী সুযোগ্য নতুন শিক্ষক নিযুক্তি দিবলৈ চৰকাৰ তথা বড়ো সাহিত্য সভালৈ অনুৰোধ জনাইছে স্হানীয় ৰাইজে।