সোণাৰিৰ সাপেখাতিত পুখুৰীত জাঁপ দিলে নৱ বিবাহিত দম্পত্তীয়ে।

খুলশালীয়েকৰ লগত প্ৰেমৰ সন্দেহ কৰি চৰম সিদ্ধান্ত ললে পত্নীয়ে। 

সোণাৰিৰ সাপেখাতি গৰীয়াছিগা অঞ্চলৰ নৱ বিবাহিত দম্পত্তী কমল দাস আৰু সুৰভী দাসৰ পুখুৰীত পৰি মৃত্যু।

জানিব পৰা মতে স্বামী কমল দাসক খুলশালীয়েক অৰ্থাৎ সুৰভী দাসৰ নিজৰ ভণীয়েকৰ লগত অবৈধ সম্পৰ্ক ৰখাৰ সন্দেহ কৰি তৰ্কত লিপ্ত হৈ সোমবাৰে নিশা সুৰভী দাসে পুখুৰীত জাঁপ দিয়ে। 

দ' পুখুৰীৰ পানীত পৰা সুৰভীক উদ্ধাৰ কৰিবলৈ কমল দাসেও পানীত জাঁপ দিয়ে যদিও সাঁতুৰি নজনাৰ বাবেই দুয়ো পানীত ডুব গৈ মৃত্যু হয়।

আনহাতে সমগ্ৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে অঞ্চলটোত।