সোণাৰিৰ সাপেখাটিত নৱ বিবাহিত দম্পত্তিৰ আত্মহত্যা।

সোণাৰিৰ সাপেখাটিত হৃদয়বিদাৰ ঘটনা

স্বামী স্ত্ৰী যে একেলগে পুখুৰীত জাপ দি আত্মহত্যা । 

       চৰাইদেউ জিলাৰ সাপেখাটি গৰিয়াছিগা গাওঁত যোৱা নিশা সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা গাওঁৰ এহাল দম্পত্তিয়ে পুখুৰীত জপিয়াই আত্মহত্যা কৰিছে । গাওঁখনৰ কমল দাস নামৰ যুৱক জনে ছয় মাহ পূৰ্বে মৰাণৰ সুৰভি দাসৰ সৈতে প্ৰেম বিবাহ হৈছিল বিয়াৰ পিছৰে পৰা দুযোৰে মাজত সংঘাত আৰম্ভ হয় । কালি নিশা ১০ মান বজাত দুযোৰে মাজত সংঘাত হয় আৰু খঙত স্বামী স্ত্ৰীয়ে ঘৰৰ সন্মুখতে থকা এটা পুখুৰীত জপিয়াই আত্মহত্যা কৰে । আজি পুৱা এচ ডি আৰ এফে অভিযান চলাই মৃতদেহ দুটা উদ্ধাৰ কৰে । বিয়াৰ পাছৰে পৰা শাহু শহুৰে ন বোৱাৰী গৰাকীক মানসিক নিৰ্যাতন চলাই অহা বুলি প্ৰতিবেশীয়ে জানিব দিয়ে । আৰক্ষীয়ে মৃতদেহ টো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।