হোজাইত ৰেল বিভাগৰ কৰ্মচাৰীৰ কাণ্ডজ্ঞানহীনতাৰ বাবে নিঃশেষ হব ধৰিছিল এটা পৰিয়াল।হোজাই ৰামপুৰ বস্তিৰ নিবাসী দীপক বৰাই দেওবাৰে পত্নী সন্তানসহ দুই নং ৰেলৱে ক্ৰচিং গেট পাৰ হৈছিল।কিন্তু ক্ৰচিং গেটখন পাৰ হোৱাৰ পূৰ্বে গা শিয়ঁৰি যোৱা এক ঘটনাৰ সৈতে মুকাবিলা হৈছিল পৰিয়ালটো।
উল্লেখযোগ্য যে ৰেল অহাৰ সময়ত ক্ৰচিং গেটৰ দুয়োটা দিশ বন্ধ কৰা হয় যদিও দেওবাৰে নিশা গেটৰ এটা দিশ বন্ধ আৰু আনটো দিশ খোলা থকাত খোলা থকা দিশটোৰ পৰা চাৰিচকীয়া বাহন সহ পৰিয়ালটো সোমাই যোৱাৰ পিছত আনটো দিশ বন্ধ দেখা পাইছিল ।
তেনেসময়তে এখন ট্ৰেন আহি পোৱাত এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সম্মুখীন হৈছিল পৰিয়ালটো।অৱশ্যে দীপক বৰাৰ তৎপৰাতত গাড়ীখন কাষত ৰখাই কোনোমতে প্ৰাণ ৰক্ষা পৰে যদিও ৰেল বিভাগৰ দায়িত্ব জ্ঞানহীনতাক উজাৰিছে ক্ষোভ।