স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপনৰ উপলক্ষে "ৰাইজৰ দৃষ্টিত স্বাধীনতাৰ ৭৫ বছৰ" শীৰ্ষক অসম ৰাজ্যিক সমিতিৰ অন্তৰ্গত ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ১৫ আগষ্টৰ স্বাধীনতা দিৱস  ডিব্ৰুগড়ত উদযাপন কৰা হয়। জিলা খনৰ বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, শ্ৰমিক-কৃষক আদি সংগঠনৰ প্ৰতিনিধি তথা সৰ্বসাধাৰণ ৰাইজ পুৱা আহি সমবেত হয় ডিব্ৰুগড়ৰ চৌকিডিঙ্গী চাৰিআলিৰ, সমীপৰ ডি ডি এ মাৰ্কেটৰ পতাকা উত্তোলন থলীত।

ডিব্ৰুগড় জিলা সমিতিৰ অন্যতম মুখ্য আহ্বায়ক বলীন্দ্ৰ শইকীয়াই আঁতধৰা পতাকা উত্তোলন কাৰ্য্যসূচীত অংশগ্ৰহন কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যিক সমিতিৰ অন্যতম উপদেষ্টা তথা ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক শৰৎচন্দ্ৰ নেওগে। পতাকা উত্তোলন কৰি দিয়া ভাষণ প্ৰসঙ্গত তেখেতে উল্লেখ কৰে যে,দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ টা বছৰ অতিক্ৰম কৰাৰ পাছতো এমুঠিমান মাত্ৰ ধনীক শ্ৰেণী আৰু শাসক গোষ্ঠীৰ ক্ষমতাশালী ব্যক্তিৰ বাহিৰে সৰ্বসাধাৰণ ৰাইজৰ অৱস্থা দেখি এনে ভাৱ হয় যেন আমি স্বাধীনতো নহলোৱেই বৰ্ং ক্ৰমান্বয়ে অধিক শোষণ-অত্যাচাৰৰ মাজলৈ,এক কথাত অধিকভাৱে পৰাধীনতাৰ মাজলৈহে যেন সোমাই গৈ আছো,--এটা অঘোষিত জৰুৰীকালীন অৱস্থাৰ মাজতহে যেন দিন কটাইছো। আজি স্বাধীনতাৰ মহাৰজত জয়ন্তীৰ মহাক্ষণত, এই ৰাষ্ট্ৰীয় পতাকা আগত লৈ,আমাৰ দেশৰ সংবিধান প্ৰদত্ত সাৰ্বভৌমত্ব, গণতন্ত্ৰ, সমাজবাদ, কল্যাণকামী ৰাষ্ট্ৰ আৰু ধৰ্মনিৰপেক্ষতা সুৰক্ষাৰ বাবে মাত মাতি ঐক্যবদ্ধ ভাৱে ওলাই অহাৰ পণ লোৱাৰ প্ৰয়োজন বুলিও তেখেতে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে।

   

পতাকা উত্তোলনৰ পাছতেই সমবেত সকলোৱে ৰাজ্যিক সমিতিয়ে প্ৰস্তুত কৰা শপত বাক্য পাঠ কৰা হয় আৰু পাঠ কৰোৱায় জিলা সমিতিৰ অন্যতম মুখ্য আহ্বায়ক অৰ্পণা বড়াই। তাৰ পাছত শ্বহীদ স্মৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে ডিব্ৰুগড়ৰ বিশিষ্ট শ্ৰমিক নেতা প্ৰকাশ ৰাজখোৱাই। পুৱাৰ এই দুয়োটা কাৰ্য্যসূচী সম্পন্ন হোৱাৰ পাছত সাংস্কৃতিক কাৰ্য্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল টিংখঙৰ বিপ্লৱী যুৱ সন্থাই পৰিৱেশন কৰা ঝুমুৰ গীত। কণমানি শিল্পী ধৃতিমঞ্জুৰী গগৈয়ে এটি গীত পৰিৱেশন কৰাৰ পাছত দুগৰাকী গণনাট্য সংঘৰ কণ্ঠ শিল্পী আৰিফা বেগম আৰু মাধুৰী বৰাই একোটিকৈ গীত পৰিৱেশন আৰু ডিব্ৰুগড় লেখিকা সমাৰোহ সমিতিৰ অন্যতম সদস্যা সুবন্তী গগৈয়ে স্বৰচিত এটি কবিতা আবৃত্তি কৰে।