টেঙাপুখুৰী কুকুৰাচোৱা গাঁৱত স্বাধীনতা দিৱস উপলক্ষে বৃক্ষৰোপন । অংশগ্ৰহণ কৰে শিল্পী কুসুম কৈলাশ, দেৱজিৎ বৰা, মাধৱ ৰঞ্জণ , dy বিহুৰাণী 

 দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি চৰাইদেউৰ মাহমৰা সমষ্টিৰ হলৌফুকন পঞ্চায়তৰ অন্তৰ্গত টেঙাপুখুৰী কুকুৰাচোৱা গাঁৱত প্ৰকৃতিপ্ৰেমী যুৱক অনুপ পাটকাই , অৰ্কিড বিশেষজ্ঞ অংকুৰ ৰাজ গগৈৰ উদ্যোগত চৰাইদেউ আমাৰ গৌৰৱ সংস্থাৰ সৌজন্যত কুকুৰাচোৱা গাঁওবাসীৰ সহযোগত বৃক্ষৰোপনৰ কাৰ্যসূচী হাতত লয় । গাঁও বাসীয়ে পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছত জনপ্ৰিয় সংগীত শিল্পী কুসুম কৈলাশ , দেৱজিৎ বৰা , মাধৱ ৰঞ্জণৰ ডিৱাই বিহুৰাণী উপস্থিতিত গাঁও বাসীৰ সহযোগত অসমৰ শ্ৰনামধন্য সকলৰ নামত শতাধিক গছপুলি ৰোপন কৰে । এই অনুষ্ঠানত চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ লগতে বহু কেইজন ইউটিবৱাৰ উপস্থিত থাকে ।