সাম্প্ৰতিক সময়ত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত উদ্ভৱ হোৱা বিভিন্ন ঘটনাৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলা- প্ৰশাসন আৰু আৰক্ষী - প্ৰশাসন সম্পূৰ্ণৰূপে সষ্টম হৈ পৰিছে। জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নিৰ্দেশনা আৰু তত্বাৱধানত জিলাখনৰ বিভিন্ন প্ৰান্তত যোৰহাট আৰক্ষীৰ ব্যাপক পদপথ টহল অভিযান অব্যাহত আছে । জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে বাসিন্দাসকলৰ মাজত নিৰাপত্তাৰ ভাৱ বৃদ্ধিৰ উদ্দেশ্যে জিলাখনত আইন-শৃংখলা বজাই ৰখা, অপৰাধমূলক কাৰ্য্যকলাপ ৰোধ কৰা, প্ৰতিজন নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত যোৰহাট আৰক্ষী-প্ৰশাসনে নিষ্ঠাবানভাৱে এই টহল অভিযান অব্যাহত ৰাখিছে । জিলাখনৰ জে বি ৰোড, ৰজামৈদাম, হৰিজন কলনি, এ টি ৰোড, ভোগদৈ, অজন্তা বাইপাছ আদিত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু আৰক্ষীসকলে পদপথ টহল অভিযান সক্ৰিয় ৰাখিছে । ইয়াৰোপৰি মৰিয়নি, টীয়ক আৰু বৰহোলাৰ বিভিন্ন প্ৰান্তৰ লগতে পৌৰসভা এলেকাসমূহত জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰাত লক্ষ্যৰে অতিৰিক্ত জিলা আয়ুক্ত, দণ্ডাধীশ, চক্ৰ বিষয়া প্ৰমুখ্যে আৰক্ষীৰ টহল অভিযান অব্যাহত আছে । উল্লেখ্য যে, জিলাখনত আইন-শৃংখলা বৰ্তাই ৰখাৰ ক্ষেত্ৰত জিলাখনৰ অন্তৰ্গত সকলো আৰক্ষী থানাতে একোটিকৈ টাস্ক ফৰ্চো গঠন কৰা হৈছে । জনসাধাৰণে যিকোনো পৰিস্থিতি সন্মুখীন হ'লে যোগাযোগ কৰিব পাৰিব ৷