নতুন দিল্লী, ১৫ আগষ্ট। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সোমবাৰে ইণ্ডিয়া গেটৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত তেওঁক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আদৰণি জনাইছিল। উক্ত অনুষ্ঠানত সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে, ভাৰতীয় নৌসেনা প্ৰধান এডমিৰেল আৰ হৰি কুমাৰ আৰু আইএএফৰ মুখ্য এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধুৰীও উপস্থিত আছিল।

ৰাষ্ট্ৰপতি মুৰ্মুৱে ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত দেশবাসীক দিয়া ভাষণত স্বাধীনতা দিৱসক ভাৰতীয়ত্বৰ উৎসৱ বুলি অভিহিত কৰে আৰু যোৱা ৭৫ বছৰত দেশৰ উন্নয়নৰ যাত্ৰাক অভিনন্দন জনায়। 

সমান্তৰালকৈ স্বাধীনতাৰ শতবাৰ্ষিকী বৰ্ষ ২০৪৭ চনলৈকে অমৃত কাল চলি থাকিব বুলি কয়। তেওঁ কয় যে চৰকাৰৰ নীতিৰ ফলত দেশৰ অৰ্থনৈতিক বিকাশ অধিক সামগ্ৰিক হৈ পৰিছে আৰু আঞ্চলিক বৈষম্যও হ্ৰাস পাইছে।

এই সময়ছোৱাত ৰাষ্ট্ৰপতিয়ে দেশবাসীৰ সন্মুখত স্বাধীনতাৰ শতবাৰ্ষিকী লক্ষ্যসমূহৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে পৰৱৰ্তী ২৫ বছৰ ভাৰতৰ বাবে 'অমৃতকাল। শতবাৰ্ষিকী বৰ্ষত ভাৰত এনে এখন দেশ হ'ব যিয়ে ইয়াৰ সামৰ্থ্য আৰু সম্ভাৱনা উপলব্ধি কৰিব।