"সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম, কেন্দ্ৰীয় সমিতি"ৰ তত্বাৱধানত যোৱা ২২ আগষ্ট, বৃহস্পতিবাৰে আহ্বায়ক সীমা শৰ্মাৰ পৃষ্ঠপোষকতাত সাধাৰণ জাতি সুৰক্ষা সন্মিলনৰ ভগ্নী সংগঠন "সাধাৰণ জাতি মহিলা সন্মিলন"ৰ ৰাজ্যিক সমিতি গঠনৰ উদ্দেশ্য এখনি জৰুৰী অ’নলাইন সভা আহ্বান কৰা হয় ৷ উক্ত সভাতেই খিলঞ্জীয়া সাধাৰণ জাতিৰ অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত বিভিন্ন আলোচনাৰ অন্তত সমাজকৰ্মী সীমা শৰ্মাক সভানেত্ৰী, কবিতা মহন্ত আৰু গীতিমণি হাতীকাকতিক সাধাৰণ সম্পাদিকা(যুটীয়া), গিতালী ভট্ট, অনিমা বৰঠাকুৰ, শেৱালী ভট্টাচাৰ্য্য আৰু দিপ্তীমণি গোস্বামীক উপ-সভানেত্ৰী, শিখা শৰ্মাক সাংগঠনিক সম্পাদিকা হিচাপে লৈ সাধাৰণ জাতি মহিলা সন্মিলনৰ ৰাজ্যিক সমিতিখন গঠন কৰা হয় । উক্ত সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈয়ে উপস্থিত সকলোকে উষ্ম আদৰণি জনোৱাৰ লগতে শুভকামনা জ্ঞাপন কৰে ৷ আনহাতে মুখ্য সম্পাদক অমৃত কুমাৰ শৰ্মা এ সংগঠনটিৰ লক্ষ্য-উদ্দেশ্যৰ বিষয়ে আলোকপাত কৰে ৷ মুখ্য সম্পাদক শৰ্মাই কয় যে, সকলো চৰকাৰে বৃহত্তৰ সাধাৰণ জাতিক কেৱল ভোটৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে ৷ সাধাৰণ জাতিৰ অধিকাৰ সুৰক্ষা আৰু উন্নয়নৰ স্বাৰ্থত কোনো এখন চৰকাৰে আজিলৈকে দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰা নাই ৷ উল্লেখ যে, সভাৰ জৰিয়তে মুখ্য সম্পাদকগৰাকীয়ে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সকলো জাতি-জনগোষ্ঠীৰ দৰে বৃহত্তৰ অসমীয়া খিলঞ্জীয়া সাধাৰণ জাতিৰ বাবেও উন্নয়ন পৰিষদ গঠন কৰি মানৱতাৰ পৰিচয় দাঙি ধৰিবলৈ আহ্বান জনায় ৷ উল্লেখযোগ্য যে, মহিলা সন্মিলনৰ নৱ-নিৰ্ৱাচিত সভানেত্ৰী আৰু সাধাৰণ সম্পাদিকাদ্বয়ে ধিং কন্যাৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে ঘটনাত অভিযুক্ত সকলোকে ফাঁচিৰ দাবী জনায় ৷