আজি কামৰূপ জিলাতো দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে আমিনগাঁওৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰে পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মন্ত্ৰী গৰাকীয়ে লগতে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এন চি চি আদিৰ তৰফৰ পৰা প্ৰদৰ্শন কৰা কুচকাৱাজ পৰিদৰ্শনৰ কৰাৰ উপৰি অভিবাদন গ্ৰহণ কৰে।  

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰী গৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰাৰ উপৰি স্বাধীনতা সংগ্ৰামত আত্মবলিদান দিয়া শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তেখেতে লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ দ্ৰুত বিকাশৰ দিশত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিস্তৃত আলোকপাত কৰি বক্তব্য প্ৰদান কৰে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনি সমূহে জনসাধাৰণৰ বিকাশৰ দিশত বিশেষভাৱে অৰিহণা যোগাইছে বুলিও তেওঁ কয়। ৰাইজৰ মৰম, সমৰ্থন, সহযোগিতা আৰু আশীৰ্বাদেৰে চৰকাৰখনে ৰাজ্যখনৰ দ্ৰুত উন্নয়নৰ বাবে আগন্তুক দিনবোৰত দায়বদ্ধতাৰে নিৰৱচ্ছিন্নভাৱে কাম কৰি যাব বুলিও তেওঁ ক

স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত অসমৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি, তথা দেশ মাতৃৰ বন্দনাৰে সমৃদ্ধ এক বৰ্ণিল সংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ উপৰি ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনীৰ সদস্যৰ দ্বাৰা এক আখৰা অনুশীলনো প্ৰদৰ্শন কৰা হ

 স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত বিধায়ক দিগন্ত কলিতা, উপায়ুক্ত কীৰ্তি জল্লী, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলা সত্ৰ ন্যায়ধীশ,  মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীকে  ধৰি বিভিন্ন বিভাগৰ  বিষয়া-কৰ্মচাৰীৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে

আনহাতে ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে আজি সংহত উপায়ুক্ত কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে

স্বাধীনতা দিৱস উপলক্ষে আজি আমিনগাঁও ক্ৰিকেট খেলপথাৰত উপায়ুক্ত একাদশ আৰু আৰক্ষী আধীক্ষক একাদশৰ মাজত এখন বন্ধুত্বপূৰ্ণ ক্ৰিকেট খেলো অনুষ্ঠিত হয়।।