ৰহা সুৰ্যবতী শাখা সাহিত্য সভাৰ চতুৰ্থ দ্বি বাৰ্ষিক অধিবেশন আৰু সাহিত্য দিৱস এদিনীয়া কাৰ্য্য সূচীৰে দেওবাৰে উদযাপন হয়।

   ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ ত পূবা শাখা সভাপতি তুলুপ্ৰভা শইকিয়া পতাকা উওোলন, প্ৰাক্তন সভাপতি হেমপ্ৰভা বৰদলৈৰ বন্তি প্ৰজ্বলন আৰু প্ৰতিষ্ঠাপক সম্পাদিকা বিনুলস্কৰ ঠাকুৰিয়াৰ দ্বাৰা স্মৃতি তৰ্পন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ লগতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ৰ স্মৃতি দিৱস ক উপলক্ষে সাহিত্য দিৱস পালন কৰা হয়।এই উপলক্ষে সাহিত্যৰথীৰ প্ৰতিচ্ছবি ৰ সন্মুখত শাখা উপ সভানেত্ৰী কদমী বৰা ই বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক সম্পাদিকা সাবিত্ৰী শইকিয়াই মাল্যৰ্পন কৰাৰ লগতে শিক্ষয়ত্ৰী চয়নিকা ডেকা আৰু অনুপ্ৰভা কোঁৱৰ ৰ পৰিচালন ত আৰু প্ৰতিষ্ঠাপক সম্পাদিকা বিনুলস্কৰ ঠাকুৰিয়াৰ সভাপতিত্বত অনুষ্ঠিত সাহিত্য দিৱস সভাৰ শুভাৰম্ভ অসম সংগীত পৰিবেশনৰে কৰাৰ লগতে অনুপ্ৰভা কোঁৱৰে সাহিত্যৰথীৰ জীবন ৰ ওপৰত বক্তৃতা দিয়াৰ লগতে চয়নিকা ডেকাই সাধু পাঠ কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলে গীত,কবিতা পাঠ কৰে জিপাল কৰি তুলে।

সাহিত্য দিৱস ৰ পাছত শাখা সভানেত্ৰী তুলুপ্ৰভা শইকিয়াৰ সভাপতিত্বত আৰু সম্পাদিকা ৰুনুমী বৰাৰ উদ্দেশ্য ব্যাখ্যা ৰে মুকলি সভা অনুষ্ঠিত হয়।

নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথৰ দ্বাৰা উদ্ধোধন কৰা সভাত মুখ্য অতিথি ৰূপে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰান কুমাৰ বৰুৱা,বিশিষ্ট অতিথি ৰূপে উপাসনা সাহিত্য সভাৰ সভানেত্ৰী প্ৰতিভা দেবী,নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰেবত কুমাৰ হাজৰিকা, প্ৰাক্তন আঞ্চলিক সম্পাদক,নগাঁও মৃনাল কুমাৰ হাজৰিকা, প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা উপস্থিত থাকে।

সভাত তিনি মহিলা ৰেনুবালা হাজৰিকা, মালতী দাস আৰু চণ্ডিকা বৰা ক এখন এখন ফুলাম গামোচা,সম্বৰ্ধনা পত্ৰ আৰু চেলেংৰে সম্বৰ্ধনা জনোৱা হয়।সভাত সুৰ্যবতী শাখা সাহিত্য সভাৰ পত্ৰিকা সুৰ্যবতী ৰ উন্মোচন কৰে নগাওঁ জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত আৰু বিনুলস্কৰ ঠাকুৰিয়াৰ আঘাইতং দলৰ অভিযান নামৰ গ্ৰন্থ ৰ উন্মোচন কৰে শিক্ষয়ত্ৰী তথা শিশু সাহিত্যিক কাৰুন্য ভট্টাচাৰ্য আৰু তুলুপ্ৰভা শইকিয়াৰ অকনিৰ সাধু নামৰ গ্ৰন্থ ৰ উন্মোচন কৰে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষা বিজয়া গগৈয়ে।অনুষ্টিত সভাত জৈষ্ঠ বিজ্ঞানী ডা०দিনেশ হাজৰিকা, ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ ৰ অধ্যক্ষা ডা० নিৰলা দেবী,সদৌ অসম তিবা ছাত্ৰ সন্থা ৰ উপদেষ্টা প্ৰহ্লাদ মছৰং,নগাঁও জিলা জাতিয়তাবাদী যুব ছাত্ৰ পৰিষদ ৰ উপ সভাপতি হৰিপ্ৰসাদ ৰাজখোবা. ৰহা আঞ্চলিক জাতিয়তীবাদী যুব ছাত্ৰ পৰিষদ ৰ উপদেষ্টা হেমেন নাথ,সম্পাদক নিলোৎপল হাজৰিকা, ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা ৰ লগতে ৰহা সুৰ্যবতী শাখা সাহিত্য সভাৰ সদস্যা সকলৰ লগতে গনমান্য ব্যক্তি উপস্থিত থাকে।