৭৬ সংখ্যক স্বাধীনতা দিৱসৰ দিনা গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তত সংঘটিত হৈছে এক অঘটন।

বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় তিনি জন লোক।

গোৱালপাৰা জিলাৰ ৰংছাই কুৰুঙত নিশাৰ ভাগত বনৰীয়া হাতীয়ে আক্ৰমণ চলাই নিহত কৰে তিনি জন লোকক।

বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় ক্ৰমে ভিম বাহাদুৰ ৰয়, শ্বাৰতি লামা, সুচিত বিশ্বকৰ্মা।

ইষ৩ৰ উপৰি বনৰীয়া হাতীয়ে কেইবাটাও বাসগৃহ তহিলং কৰে।

বনৰীয়া হাতীৰ এই ৰুদ্ৰ ৰূপৰ পিছতো বন বিভাগে গ্ৰহণ কৰা ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে সচেতন লোকে।