শিৱসাগৰ নগৰত মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদী কাৰ্য্যসূচী মটক জনগোষ্ঠীক জনজাতি কৰণৰ দাৱীত শুকুৰ বাৰে নগৰৰ মাজ মজিয়াত দ'লমুখ চাৰি আলিত সাব্যস্ত কৰে প্ৰতিবাদ। সদৌ অসম মটক সন্মিলন, সদৌঅসম মটকযুৱ ছাত্ৰ সন্মিলনকে ধৰি মটক জনগোষ্ঠীৰ প্ৰায় সমুহ সংগঠন একত্ৰিত হৈ এই দাৱী সাব্যস্ত কৰে। বিশেষকৈ মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাৱীক মুল বিষয় হিচাবে লৈ প্ৰায় ১২টা দাৱী উথ্াপন কৰি তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়িত কৰে এই সকল প্ৰতি বাদ কাৰীয়ে।