'আপোনালোকে ইমান মৰম দিব কাহানিও ভবা নাছিলো'

গাৱলীয়া বাটেৰে গৈ ঘৰলৈ উভতিল স্বৰ্ণ লৈ

গৃহভূমিত 
নয়নৰ মণি নয়নমণি শইকীয়া

 এক দীঘলীয়া যাত্ৰা। ২০০০ চনৰ পৰা ২০২২ চনলৈ। এফালে ঘৰৰ পৰা আঁতৰত  চাকৰিৰ ব্যস্ততা আনফালে চাৰি বছৰীয়া কণ্যা, স্বামী, শাহু, পিতৃ-মাতৃ লগতে ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ  আন্তঃগাঁথনি নথকা এটা মহকুমা। তাৰ মাজতে জগত জিনাৰ দুৰ্বাৰ হেঁপাহ। অৱশেষত এবুকু সপোন আৰু আশা লৈ টেঙাহোলাৰ আপোন ঘৰখনৰ পৰা ইংলেণ্ডৰ বাৰ্মিংহামলৈ যাত্ৰা কৰা নয়নমণি শইকীয়াৰ ২২ বছৰীয়া পৰিশ্ৰম,  অধ্যৱসায়ে পালে পূৰ্ণতা। স্বৰ্ণ জয় কৰি ইতিহাস ৰচা সেইগৰাকী নয়নৰ মণি আজি উপস্থিত হলহি গৃহভূমি ধনশিৰিত। আজি বিয়লি প্ৰায় ২ বজাত ধনশিৰি মহকুমাত প্ৰৱেশ কৰাৰ লগে লগে ধনশিৰি দলঙৰ পৰা বৰপথাৰ নগৰৰ মাজেৰে সৰুপথাৰৰলৈকে গায়ন-বায়ন, ঢোল-পেঁপা আৰু বিশাল শোভাযাত্ৰাৰ  লগতে গাড়ী আৰু বাইক ৰেলীৰে আদৰি অনা হয় স্বৰ্ণ কন্যা নয়নমণি শইকীয়াক। উল্লেখ্য যে সদ্য সমাপ্ত কমনৱেলথ গেমছত লনবল প্ৰতিযোগিতাত   স্বৰ্ণ জয় কৰি প্ৰথমগৰাকী মহিলা অসমীয়া আৰু দ্বিতীয় গৰাকী অসমীয়া হিচাপে   ইতিহাস ৰচনা কৰিছিল  নয়নমণি শইকীয়াই।  ধনশিৰি মহকুমাৰ টেঙাবাৰী গাৱত জন্ম গ্ৰহণ কৰা নয়নমণি শইকীয়াই   ২০০০ চনৰ পৰাই ক্ৰীড়াৰ লগত ওতঃপ্ৰোত ভাবে জড়িত হৈ আছে। প্ৰথমে ভাৰ উত্তোলন কৰি  পিছলৈ লনবল খেলিবলৈ লোৱা নয়নমণিৰ এইবাৰৰ কমনৱেলথ গেমছ আছিল চতুৰ্থ খন গেমছ। আজি কন্যা তনয়া আৰু স্বামী ভাস্কৰ গোহাঁইৰ সৈতে আহি গৃহভূমিত ভৰি দিয়া নয়নমণি শইকীয়াক আদৰিবলৈ ৰৈ থকা বিশাল জনগণক দেখি খেলুৱৈ গৰাকীয়ে আবেগিক হৈ  কয় " আপোনালোকে যে ইমান মৰম দিব মই কাহানিও ভবা নাছিলো, আপোনালোকে ইমান মৰম দিছে মই লব পৰা নাই যেন অনুভৱ হৈছে"। ইপিনে স্বৰ্ণ জয়ী খেলুৱৈ গৰাকীক ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনাবলৈ সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। গোলাঘাট জিলা প্ৰশাসন আৰু ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত  জিলা তথা মহকুমা  প্ৰশাসন, খেলুৱৈ সমাজ, ধনশিৰি মহকুমা টাই আহোম ছাত্ৰ সন্থাকে ধৰি
বিভিন্ন দল সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ব্যক্তি বিশেষে শৰাই, জাপি, ফলক, চেলেং চাদৰ, ফুলাম গামোচা, পৰম্পৰাগত সাজপাৰ, সম্বৰ্ধনা পত্ৰ  আদিৰে আদৰণি আৰু সম্বৰ্ধনা জনায়। আজিৰ এই অনুষ্ঠানত মহকুমাধিপতি ডিনচেংফা বৰুৱা, স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন, মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা, ৰাজহ চক্ৰ বিষয়া হেমাংগ নবিছ, ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ সম্পাদক পৰমানন্দ লাহনৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ইপিনে ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই খেলুৱৈ গৰাকী টেঙাহোলাৰ নিজ গৃহত গৈ উপস্থিত হয়গৈ। টেঙাহোলাৰ বাসগৃহতো গাঁও বাসীয়ে গায়ন-বায়নেৰে বিপুলভাৱে সম্বৰ্ধনা জনোৱা দেখা যায়। উল্লেখ্য যে  লাভলীনাৰ পাছতেই নয়নমণিৰ সফলতাই চৌদিশে ৰজনজনাই তোলা মহকুমাটোৰ বৰপথাৰ আৰু সৰুপথাৰ ঠাই দুখন এতিয়া একপ্ৰকাৰ  ক্ৰীড়াৰ কেন্দ্ৰবিন্দুলৈ পৰিণত হৈছে।