অহাকালি ১৫ আগষ্ট স্বাধীনতা দিৱস, সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখ ত ব্যাপক প্ৰস্তুতি চলাই থকাৰ সমান্তৰালকৈ সুবাস ৰহাৰ উদ্যোগত সুবাসৰ ৩য় বৰ্ষ আৰু ৭৮তম্ স্বাধীনতা দিৱস উপলক্ষে শান্তিৰ বাবে দৌৰ শীৰ্ষক মাৰাথন প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।

    সুবাস ৰহাৰ সভাপতি নিৰোপম কলিতা আৰু সম্পাদক জান্টুমণি গাঁওখোৱাই জানিব দিয়ে মতে অহাকালি সুবাসৰ ৩য় বৰ্ষ আৰু ৭৮তম্ স্বাধীনতা দিৱস উপলক্ষে শান্তিৰ বাবে দৌৰ শীৰ্ষক মাৰাথন প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব।

    পূবা ৮বজাত পতাকা উওোলন আৰু বন্তি প্ৰজ্বলন কৰাৰ পাছত ৮.৩০ বজাৰ পৰা শান্তিৰ বাবে দৌৰ শীৰ্ষক মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত হোবাৰ লগতে দুপৰীয়া ২বজাৰ পৰা ক,খ আৰু গ তিনিটা শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হব।

     মাৰাথন দৌৰ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগিক প্ৰথম পুৰস্কাৰ নগদ ১৫০০টকা,ট্ৰফী ও মানপত্ৰ, দ্বিতীয় পুৰস্কাৰ নগদ ১০০০টকা,ট্ৰফী ও মানপত্ৰ আৰু ৩য় বিজয়ী প্ৰতিযোগীক নগদ ৫০০টকা,ট্ৰফী ও মানপত্ৰ প্ৰদান কৰাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতাত ধনৰ টোপলা ও মানপত্ৰ প্ৰদান কৰা হব আৰু বিয়লী ৪.৩০বজাত বঁটা বিতৰনী অনুষ্ঠান অনুষ্ঠিত হব।