আজাদি কা অমৃত মহোৎসৱ উপলক্ষে ঢকুৱাখনা পৌৰ সভাৰ উদ্যোগত ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন ,কুইজ ,আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়।

শনিবাৰে পৌৰ সভাৰ পৌৰ পতি ৰাজীৱ দাস কাৰ্যবাহী বিষয়া অভিজাত বৰা আৰু পৌৰ আয়ুক্ত সকল উপস্থিত থকা অনুষ্ঠানটিত চিত্ৰাংকন প্ৰতিযোগিতা পৰিচালনা কৰে চিত্ৰ শিল্পী মৃগনাভ গগৈ আৰু গণেশ চমুৱাই।কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে ঢকুৱাখনা সংহত শিশু প্ৰকল্প বিষয়া জ্ঞানদ্বীপ মহন্তই।ইপিনে ৰচনা প্ৰতিযোগিতা পৰিচালনা কৰে অৱসৰপ্ৰাপ্ত শিক্ষযটি ইন্দিৰা গগৈযে।

নগদ ধন আৰু মান পত্ৰৰে পুৰস্কৃত কৰা প্ৰতিযোগিতা খনিৰ চিত্ৰাংকন প্ৰতিযোগিতা নিম্ন শাখাত শ্ৰী মন্ত্ৰ শংকৰদেৱ বিদ্যালয়ৰ প্ৰজ্ঞা নন্দিনী চমুৱাই প্ৰথম স্থান আৰু  অৰ্ণব আকাশ চমুৱা দ্বিতীয় স্থান কৰাৰ বিপৰীতে ঢকুৱাখনা জাতীয় বিদ্যালয়ৰ গুঞ্জনজ্যোতি দত্তই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়।

ইপিনে কুইজ প্ৰতিযোগিতা দলীয় শাখাত প্ৰথম স্থান ঢকুৱাখনা চেণ্ট থমাছ স্কুল, দ্বিতীয় স্থান ঢকুৱাখনা চেণ্টল স্কুল আৰু তৃতীয় স্থান শংকৰদেৱ শিশু নিকেটনে দখল কৰিবলৈ সক্ষম হয়।আন হাতে ৰচনা প্ৰতিযোগিতাত বিশ্বজিৎ দাস প্ৰথম স্থান ,পুলকেশ বৰুৱাই দ্বিতীয় স্থান দেৱজিৎ বৰুৱাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়।