শিৱসাগৰ বীৰ লাচিত বৰফুকন কলেজত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে থাওৰা তথা বৰ্তমান নৱ গঠিত ডিমৌ বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই। উল্লেখনীয় যে বিজেপি চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল নিযুত মইনা আঁচনি।এই আঁচনিৰ অধীনত শিক্ষাৰ্থী সকলে লাভ কৰিব ধন।মুখ্যমন্ত্ৰীয়ে সংবাদ মেল যোগে এই আঁচনিৰ শুভাৰম্ভ কৰাৰ সমান্তৰাল ভাৱে শিৱসাগৰ বীৰ লাচিত বৰফুকন কলেজতো আনুষ্ঠানিক ভাৱে এই আঁচনিৰ প্ৰ-পত্ৰ ছাত্ৰ -ছাত্ৰীসকলৰ মাজত প্ৰদান কৰা হয়।
শিৱসাগৰ বীৰ লাচিত বৰফুকন কলেজত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কাৰ্য্যসূচীত উপস্থিত থাকে বিধায়ক সুশান্ত বৰগোঁহাই।
