১৫ আগষ্ট: ধেমাজি জিলাৰ ৩৭৬ খন ননকে গাঁৱৰ ড্ৰোণৰ জৰীয়তে জৰীপ কৰি সেই গাওঁ সমূহৰ বাসিন্দা সকলক ভূমি পট্টন দিয়াৰ প্ৰক্ৰিয়া অহা এক ছেপ্টেম্বৰৰ আৰম্ভ হ'ব। আজি ধেমাজিৰ কাছাৰী ময়দানত জাতীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই এইদৰে কয়। তেওঁ কয় যে, মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ কাম অহাএক ছেপ্টেম্বৰৰ পৰাই আৰম্ভ হ'ব। প্ৰথম পৰ্যায়ত লাভ কৰা ন সহস্ৰাধিক আবেদন ইতিমধ্যে নিষ্পত্তি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ নিজৰ নাতি-দীৰ্ঘ ভাষণত কয় যে ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধেমাজি চহৰৰ মাজেৰে যোৱা ৪ কিলোমিটাৰ জোৰা অংশ অচিৰেই মেৰামতিৰ কাম আৰম্ভ কৰা হ'ব।

ধেমাজি চিকিৎসা মহাবিদ্যালয় হস্পিটেল নিৰ্মাণৰ কামো অতি সোনকালে আৰম্ভ হ'ব বুলি তেওঁ ঘোষণা কৰে। উল্লেখযোগ্য যে দেশৰ অন্যান্য প্ৰান্তৰ লগতে আজি ধেমাজি জিলাতো ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। কাছাৰী ময়দানত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত আৰক্ষী, এন চি চি আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ মুঠ ২৬ টা দলে প্ৰদৰ্শন কৰা কুছকাৱাজৰো উপায়ুক্ত গৰাকীয়ে অভিবাদন গ্ৰহণ কৰে। কুচ-কাৱাজত শ্ৰেষ্ঠ বিবেচিত দল সমূহৰ মাজত অহা ১ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া জিলা দিৱসৰ অনুষ্ঠানত প্ৰদান কৰা হ'ব। তদুপৰি কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দেশপ্ৰেমমূলক নৃত্য -গীতৰ আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানো পৰিবেশন কৰে। ইয়াৰ পূৰ্বে উপায়ুক্ত অসীম ভট্টাচাৰ্য‌ই পোণতে কাছাৰী ময়দানৰ সন্মুখত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ কৰে। তাৰপিছতে তেওঁ ধেমাজী মহাবিদ্যালয় চৌহদত থকা শ্বহীদ স্মাৰকত শ্ৰদ্ধা নিবেদন কৰে। উপায়ুক্তৰ সৈতে আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাও উপস্থিত থাকে। পুৱা ৫.৩০ বজাত তথ্য আৰু জনসংযোগ বিভাগৰ স্থায়ী অনুভাষ যন্ত্ৰৰ জৰিয়তে পৰিবেশন কৰা দেশপ্ৰেমমূলক গীতৰ জৰিয়তে আৰম্ভ হোৱা দিনজোৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত চিকিৎসালয় আৰু কাৰাবন্দীৰ মাজত ফল-মূল বিতৰণ কৰা হয়। ইফালে কালি দেশৰ অন্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো বিভাজন বিভীষিকা স্মৃতি দিৱস জিলা প্ৰশাসনৰ উদ্যোগত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত আবেলি এই উপলক্ষে এখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। ইয়াৰ পিছতে দেশৰ বিভাজনৰ সময়ৰ দু:সহ স্মৃতি প্ৰতিফলিত কৰি এখন ফটো প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই এই প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে। এই প্ৰদৰ্শনীত দেশ বিভাজনৰ কৰুণ দৃশ্য সম্বলিত আলোকচিত্ৰ আৰু সেই সময়ৰ বাতৰি কাকতৰ শতাধিক ছৱি প্ৰদৰ্শিত হৈছে। এই প্ৰদৰ্শনী সকলো শ্ৰেণীৰ ৰাইজৰ বাবে কাইলৈকো মুকলি থাকিব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।

ইয়াৰ পিছতে আবেলি ৫.৩০ বজাৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰি দিয়া ভাষণত উপায়ুক্ত ভট্টাচাৰ্যই কয় যে, ১৯৪৭ চনৰ ১৫ আগষ্টত দেশ স্বাধীন হোৱাৰ আগদিনাই এই বিভাজনক কেন্দ্ৰ কৰি যি ভয়াবহ সাম্প্ৰদায়িক সংঘৰ্ষ আৰু ৰক্তপাত সংঘটিত হৈছিল তাৰ ফলত প্ৰায় দুই লক্ষ নিৰিহ নাগৰিকে প্ৰাণ হেৰুৱাৱ লগীয়া হৈছিল। প্ৰায় ২০ লাখ লোক বিতাৰিত হ'ব লগীয়া হৈছিল। সেই সকলৰ পৱিত্ৰ স্মৃতিত এই দিনটো পালন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তৰ ফলস্বৰূপে ধেমাজি জিলাতো যথাৰীতি কাৰ্যসূচী হাতত লোৱা হৈছে। সভাত ভাষণ দি জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকে দেশৰ স্বাধীনতা সংগ্ৰাম আৰু দেশ বিভাজনৰ বিস্তৃত ইতিহাস দাঙি ধৰে। সভাত জিলা অতিৰিক্ত উপায়ুক্ত উৎপল দলে, তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বুধিন বৰুৱা আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক গোবিন মেদকেও চমু বক্তব্য দাঙি ধৰে। সভাৰ অন্তত সকলোৱে মম জ্বলাই কাছাৰী খেলপথাৰ সমীপত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিৰ ওচৰলৈ শোভাযাত্ৰা কৰি যায়। সন্ধিয়া উপায়ুক্তৰ কাৰ্যালয়, আবৰ্ত ভৱন আদিত নিহিত লোক সকলৰ পৱিত্ৰ স্মৃতিত বন্তি প্ৰজ্বলনো কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা ৰাইজকো বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাই কালি পুৱাৰে পৰা ব্যাপক প্ৰচাৰ চলোৱা দেখা যায়।