সোণাৰিৰ বিভিন্ন চাহ বাগিচাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ ফটো বিতৰণ

দেশৰ পঞ্চদশ গৰাকী ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মূৰ্মুৱে আজি শপত গ্ৰহণ কৰা সময়ত সোণাৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন চাহ বাগিচাৰ লগতে টিয়ক চাহ বাগিচাত নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীৰ ফটো বিতৰণ কৰা কাৰ্যসূচী ৰূপায়িত হয়। ভাৰতীয় জনতা পাৰ্টিৰ চাহ জনগোষ্ঠী মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত দলীয় কৰ্মী আৰু ৰাইজৰ সৈতে সমষ্টিটোৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকে ।

দেশৰ অন্যতম আদিবাসী জনগোষ্ঠী চাওঁতাল সম্প্ৰদায়ৰ পৰা আহি ৰাজনীতিৰ পথাৰত খোজ দিয়া দ্ৰৌপদী মূৰ্মুয়ে বিচক্ষণতা, দূৰদৰ্শিতাৰ জৰিয়তে বৰ্তমান দেশৰ সব্বোৰ্চ পদমৰ্যদা লাভেৰে মহামহিম ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছে আৰু তেওঁৰ এই বিজয় নাৰী শক্তিৰ সমন্বিত বিজয় বুলি বিধায়ক কোঁৱৰে বক্তব্য আগবঢ়ায়৷ উক্ত অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশ মৰ্চাৰ চাহ জনগোষ্ঠী মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি বিজয় ভূমিজ, চৰাইদেউ জিলা যুৱ মৰ্চাৰ সভাপতি ৰূপম গগৈ , বিজেপিৰ সাপেখাটি মণ্ডলৰ সভাপতি যতিন গগৈ, বিজেপিৰ সোণাৰি নগৰ মণ্ডলৰ সভাপতি অভিজিৎ চেলেংৰ লগতে দলটোৰ জ্যেষ্ঠ কাৰ্যৰ্কতা আৰু চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ বহুসংখ্যক লোক উপস্থিত থাকে ৷