পবিত্ৰ শাওন মাহৰ আজি ৩য় সোমবাৰ।সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহা,চাপৰমুখ ৰ বিভিন্ন শিব মন্দিৰত পূবাৰ পৰাই ভক্ত সকলৰ ভিৰ পৰিলক্ষিত হোবাৰ লগতে ভক্ত সকলে নিলকন্ঠ,দেবৰ দেব মহাদেবক জল,গাখীৰ, দহী,দুবৰীবন,বেলপাত,ফল ফুল অৰ্পন কৰি শ্ৰদ্ধাৰে পূজা অৰ্চনা কৰে আৰু সমস্ত ক্ষেত্ৰ হৰ হৰ মহাদেৱ ৰ জাপেৰে ভক্তিময় কৰি তুলে।

    লগতে শাওন মাহৰ ৩য় দেওবাৰে ৰহা,চাপৰমুখৰ পৰা বিভিন্ন বলবম পাৰ্টি ৰেংবেং লৈ যোবাৰ লগতে ৰহা চাপৰমুখ মাৰবাৰী পট্টি স্থিত ঐতিহ্যমণ্ডিত ভুতনাথ মন্দিৰত সন্ধ্যা ৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক বলবম পাট্ৰিৰ সমাগম হয় আৰু ভক্ত সকলে ভুতনাথ মন্দিৰত পূজা অৰ্চনা কৰি কপিলী নদীৰ পৰা জল লৈ হৰ হৰ মহাদেৱ, ঔ নম:শিৱায়,জয় মহাদেৱ ৰ জাপেৰে নিজৰ গন্তব্য স্থানলৈ পদব্ৰজে ৰাওনা হয় আৰু লগতে চাপৰমুখ ৰ কিছুমান  যুৱক সকলৰ দ্বাৰা গঠিত চাপৰমুখ আড্ডা নামৰ গ্ৰোপে প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষও ভুতনাথ মন্দিৰ অহা ভক্ত সকল মাজত পানী আৰু শীতল পেয় ৰ সেবা আগবঢ়াই।

     চাপৰমুখ আড্ডা ৰ সদস্য সকলে জানিব দিয়ে যে তেওঁলোকে বৰ্ষ ২০১০-১১ৰ পৰা বিভিন্ন সেবা মূলক কাৰ্য্য কৰি অহাৰ লগতে ভুতনাথ মন্দিৰত এই জল সেৱা আগবঢ়ায় আহিছে।