শিৱসাগৰ জিলাত বিশ্বৰ স্তনপান সপ্তাহ উদ্‌যাপন কৰা হয় ৷ ২ আগষ্ট, শুক্ৰবাৰে শিৱসাগৰ নগৰৰ আৰবান মডেল হস্পিতালৰ প্ৰেক্ষাগৃহত জিলা স্বাস্থ্য বিভাগৰ পৃষ্ঠপোষকতাত বিশ্ব স্তনপান সপ্তাহৰ জিলা পৰ্য্যায়ৰ এক শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ সমগ্ৰ বিশ্বৰ লগতে শিৱসাগৰ জিলাৰ সকলো স্বাস্থ্যকেন্দ্ৰ তথা স্বাস্থ্য সংস্থাসমূহত ইতিমধ্যে বিশ্ব স্তনপান সপ্তাহৰ প্ৰথম দিন ১ আগষ্টত পালন কৰা হৈছে ৷ যোৱা ১ আগষ্ট-২০২৪ পৰা ৭ আগষ্ট ২০২৪ তাৰিখলৈকে এই World Breast Feeding Week ৰ সজাগতা অভিযান জিলাৰ প্ৰতিটো স্বাস্থ্যকেন্দ্ৰ তথা স্বাস্থ্য সংস্থাসমূহত অনুস্থিত হৈ থাকিব বুলি জানিব পৰা গৈছে ৷ এই World Breast Feeding Week ৰ শুভ উদ্ধোধন কৰে জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পাৰ্মেয়ে । সভাত জিলা প্ৰতিষেধক বিষয়া ডাঃ অৰুন্ধতী বৰা হাজৰিকাই মাতৃদুগ্ধ পানৰ উপকাৰিতা, স্তনপানৰ উপযুক্ত অৱস্থান আদিৰ বিষয়ে অতি সুন্দৰভাৱে উপস্থাপন কৰে । স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডা: মাখন চন্দ্ৰ কলিতাই নৱজাতকৰ প্ৰথম খাদ্য ডাঠ হালধীয়া ৰঙৰ গাখীৰ (Colostrum)ৰ প্ৰয়োজনীয়তাৰ ওপৰত ব্যাখ্যা কৰাৰ লগতে মাকৰ গাখীৰৰ পৰাই সকলোবোৰ পৰিপুষ্টি পাই যে সেই সম্পৰ্কে বক্তব্য আগবঢ়ায় । এই অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,শিৱসাগৰৰ জিলা আঁচনি প্ৰৱন্ধক ধ্ৰুৱ জ্যোতি শইকীয়াই শিশুক সঠিকভাৱে স্তনপান নকৰালে শিশুৰ লগতে মাতৃগৰাকীৰো কেনে ধৰণৰ ৰোগ হ'ব পাৰে সেই বিষয়ে সুন্দৰ অভিমত ব্যক্ত কৰে ৷ লগতে স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পাৰ্মে আৰু সহকাৰী আয়ুক্ত তথা স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগৰ শাখা বিষয়া কংকনা শইকীয়াই ১ আগষ্টৰ পৰা আৰম্ভ হোৱা বিশেষ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা (ANC Drive) অভিযান -২০২৪ ৰ সম্পৰ্কে বিভিন্ন দিশৰ ওপৰত আলোচনা কৰি কেতবোৰ গুৰুতত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ যাতে এই অভিযান সফলভাৱে ৰূপায়িত হয় । তদুপৰি প্ৰতিটো তথ্য যাতে সম্পূৰ্ণ সঠিক হয় তাত গুৰুত্ব প্ৰদান কৰিবলৈ আটাইকেইটা স্বাস্থ্যখণ্ডৰ সদস্যসকলক আহ্বান জনায়। এই সভাত নাজিৰা চৰকাৰী সাহাৰ্য্যপ্ৰাপ্ত স্বাস্থ্যকেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া (মুখ্য কাৰ্য্যালয়) ডাঃ সাধন বৰা , মহকুমা স্বাস্থ্য বিষয়া (জিলা মুখ্য কাৰ্য্যালয়), উদ্‌নগৰীয়া আয়ুষ্মান আৰোগ্য মন্দিৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ দীপামণি শইকীয়া, আটাইকেইটা স্বাস্থ্যখণ্ডৰ মহকুমা স্বাস্থ্য বিষয়া, ব্লক প্ৰগ্ৰেম মেনেজাৰ, জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন, ব্লক কমিউনিটী ম'বিলাইজাৰ লগতে DPMUৰ সদস্যসকল আৰু শিৱসাগৰ নগৰৰ আশাকৰ্মীসকল উপস্থিত আছিল । আনহাতে শিৱসাগৰ জিলাত ভাৰত চৰকাৰৰ পাইলট প্ৰজেক্টৰ অধীনত যক্ষ্মা নিবাৰণৰ BCG প্ৰতিষেধক প্ৰদান কাৰ্য্যসূচীও অব্যাহত আছে । এই অভিযান আশাকৰা মতে সফল হৈ নুঠাৰ বাবে জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পাৰ্মেৰ সভাপতিত্বত এক সজাগতা সভা অনুষ্ঠিত হয় । জিলা যক্ষ্মা বিষয়া ডাঃ দ্বিজেন কোঁচে এই প্ৰতিষেধক কিয় বয়োজেষ্ঠ লোকসকলে গ্ৰহণ কৰিব লাগে তাৰ ওপৰত ব্যাখ্যা কৰে লগতে এক Power point presentation উপস্থাপন কৰে । অতিৰিক্ত আয়ুক্তগৰাকীৰ লগতে যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকে জিলা প্ৰতিগৰাকী যোগ্যতা সম্পন্ন লোককে এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে, যাতে আগন্তুক দিনত অতি শ্ৰীঘ্ৰেই শিৱসাগৰ জিলাখন যক্ষ্মা মুক্ত জিলা হিচাপে পৰিগণিত হ"ব পাৰে ৷ এই সজাগতা সভাখনত কেইবাটও কাৰ্য্যালয়ৰ অৱসৰপ্ৰাপ্ত লোকসকল উপস্থিত আছিল ৷৷