ডবকাঃ হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত চাংমাজিত পুখুৰীত উপঙি থকা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয় ৷ ইয়াকে লৈ সমগ্ৰ ডবকাতে ব্যাপক চাঞ্চ্যল্যৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে চাংমাজি গাৱৰ কাচিক ৰংপিপী নামৰ জনজাতীয় মহিলা গৰাকী যোৱা দেওঁবাৰে নিশা ঘৰৰ পৰা ওলায় গৈছিল ৷ তেতিয়াৰে পৰা মহিলাগৰাকী নিৰুদ্দেশ হৈ আছিল ৷ পৰিয়ালৰ লোকে মহিলা গৰাকীক বহু বিচাৰ খোচৰ কৰিছিল যদিওঁ মহিলা গৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাছিল ৷ এই সন্দৰ্ভত পৰিয়ালৰ লোকে ডবকা আৰক্ষী থানাত এক এজাহাৰো দাখিল কৰিছিল ৷ আৰক্ষীয়ে নিৰুদ্দেশ হোৱা মহিলা গৰাকী সন্দৰ্ভত তদন্ত কৰি থাকেতেই আজি দুপৰীয়া মহিলা গৰাকীৰ ঘৰৰ পিছফালে থকা পুখুৰীত মহিলা গৰাকীৰ মৃতদেহ পৰিয়ালৰ লোকে দেখি হৈ চৈ লগায় ৷ পাছত ঘটনাস্থলিত ডবকা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে ৷ মহিলা গৰাকীয়ে নিজে আত্মহত্যা কৰিছে নে কোনো লোকে হত্য কৰি পেলায় থৈ গৈছে , সেইয়া আৰক্ষীৰ প্ৰকৃত তদন্ততহে ওলায় পৰিব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিশ্বনাথত অৰুণোদয় মাহ-২০২২ উপলক্ষে চুপাৰভাইজাৰ, ভেৰিফিকেচন টীমক জিলা প্ৰশাসনৰ প্ৰশিক্ষণ
অৰুণোদয় মাহ - ২০২২' উদযাপন উপলক্ষে অৰুণোদয় 'চুপাৰভাইজাৰ' আৰু 'ভেৰিফিকেচন টীম'ৰ এক প্ৰশিক্ষণ...
▶️লিডু কেন্দ্ৰীয় বাণিজ্য মহাবিদ্যালয়ৰ নৱ নিৰ্মিত ভৱনৰ লাইখুটা স্থাপন
▶️লিডু কেন্দ্ৰীয় বাণিজ্য মহাবিদ্যালয়ৰ নৱ নিৰ্মিত ভৱনৰ লাইখুটা স্থাপন
દાંતીવાડાના ગુંદરી હાઇવે પર ટ્રેલરની ટક્કરે મહીલાનું મોત
દાંતીવાડાના ગુંદરી ગામની સીમમાં ધાનુમાર્કેટ યાર્ડ પાસે ટ્રેલર ચાલકે ઇકોની સાઇડમાં જોરદાર ટક્કર...
মাজুলীত আৰম্ভ হৈছে চতুৰ্থ বৰ্গৰ পৰীক্ষা; পৰীক্ষা নিয়াৰিকৈ সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনৰ তৎপৰতা
মাজুলীত আৰম্ভ হৈছে চতুৰ্থ বৰ্গৰ পৰীক্ষা পৰীক্ষা নিয়াৰিকৈ সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনৰ তৎপৰতা
আজা...
Punjab News: पंजाब सरकार के पास गोदाम ही नहीं, गेहूं की खरीद के लिए किसान कर रहे इंतजार; FCI ने शुरू की खरीद
पंजाब के मोगा में किसानों को सरकारी खरीद शुरू होने का इंतजार है। जिले की मंडियों में गेहूं की आमद...