শিৱসাগৰঃ শিৱসাগৰত মঞ্চস্থ হয় শিশুনাট “দুকণৰ ৰঙীন ডায়েৰী" ৷ শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত যোৱা ২৮ আৰ ২৯ জুলাইত অনুষ্ঠিত হোৱা ত্ৰয়োদশ বাৰ্ষিক সদৌ অসম শিশু নাট সমাৰোহ -২০২৪ ত শিৱসাগৰ অন্যতম নাট্যগোষ্ঠী "অম্বুজেশ" (The rising sun) ধাৰাবাহিকতাৰে অসমৰ বিভিন্ন জিলাৰ ৪০ টি নাট্যদলৰ ভিতৰত চাৰিটাকৈ পুৰস্কাৰ লাভ কৰি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ অম্বুজেশ নাট্যদলে নাট্যকাৰ তথা পৰিচালক, অভিনেতা উজ্জ্বল খনিকৰৰ ৰচনাৰে আৰু চন্দন গগৈৰ পৰিচালনাৰে “দুকণৰ ৰঙীন ডায়েৰী” নামৰ শিশু নাটকখনি মঞ্চস্থ কৰি শ্ৰেষ্ঠ প্ৰেৰণা বঁটা, দ্বিতীয় শ্ৰেষ্ঠ পাণ্ডুলিপি, দ্বিতীয় শ্ৰেষ্ঠ কলা নিৰ্দেশনা আৰু প্ৰতিভাৱান অভিনেত্ৰীৰ বঁটা লাভ কৰে৷ নাটখনিৰ সংগীতত আছিল ৰিতুপন দত্ত, ৰূপম নীল বৰা আৰু ৰূপসজ্জা আছিল তীব্ৰজ্যোতি বৈৰাগী আৰু বন্দনা শইকীয়াৰ ৷ "দুকণৰ ৰঙীন ডায়েৰী” নাটক খনত অভিনয় কৰে এদল কণ কণ শিশুয়ে আৰু এয়া আধুনিক অসমীয়া নাটকৰ লগত শিশুসকলক জড়িত কৰাটো এক যুগান্তকাৰী পদক্ষেপ বুলি ক’ব পাৰি।৷