শিৱসাগৰঃ ৰংপুৰ সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰত প্ৰয়াত সাহিত্যিক ৰামৰাজা সিংহৰ ওপজা দিন উদ্‌যাপন কৰা হয় ৷ শিৱসাগৰৰ শ্ৰীসত্য সাই বাল বিকাশ প্ৰাক্-প্ৰাথমিক আৰু প্ৰাথমিক বিদ্যালয়ত ৰংপুৰ সাহিত্য সভাই ৰামৰাজা সিংহৰ পৰিয়ালবৰ্গৰ সহযোগত প্ৰয়াত বিশিষ্ট সাহিত্যিক ৰামৰাজা সিংহৰ ১০৭ সংখ্যক জন্মদিৱসৰ উপলক্ষত আয়োজিত বক্তৃতানুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ কাৰ্য্যকৰী সভাপতি মনোজ কুমাৰ বৰঠাকুৰে উত্তৰ আধুনিক চিন্তাৰ জগতখনৰ ওপৰত এটি মনোজ্ঞ ভাষণ প্ৰদান কৰে। বৰঠাকুৰে কয় যে, ইউৰোপৰ বিশ্বযুদ্ধৰ ভয়াৱহ বিভিষীকাৰ পৰিপ্ৰেক্ষিতত মন মগজুত চানিধৰা হতাশাই জন্ম দিছিল টি এচ এলিয়টৰ 'ড্য ৱেইষ্ট লেণ্ড'(১৯২২)ৰ দৰে সুদীৰ্ঘ কবিতা । একে বছৰতে জেমচ জইচৰ ইউলিচেছো প্ৰকাশ পাইছিল । দুয়োখন আধুনিক যুগৰ বিধস্ত সমাজ সংস্কৃতিৰ বাৰ্তাবাহক। লগতে উত্তৰ আধুনিক চিন্তাবিদ ক্লড লেভী ষ্ট্ৰচ্ছ, জ্যেঁক ডেৰিডা, এডোৱাৰ্দ ছেইড আদিয়ে পশ্চিমীয়া সাহিত্য-দৰ্শন-সংস্কৃতিৰ অৰ্থকেন্দ্ৰীকতা (logocentricism)ৰ বিপৰীতে নতুন সংৰচনা (structure)আৰু বিনিৰ্মানৰ(deconstruction) তাত্বিক ভিত্তিৰে পৰিৱৰ্তন সাপেক্ষ চিন্তা-চৰ্চাৰ জোৱাৰ আনিলে বুলি জ্যেষ্ঠ সাংবাদিক বৰঠাকুৰে ক‌য়। সভাৰ আৰম্ভণিতে ৰামৰাজা সিংহৰ কন্যা মনোহাৰীদেৱী কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ভাৰতী দত্তই ৰামৰাজা সিংহৰ মুখ ছবিৰ ওপৰত মাল্যাৰ্পণ কৰে আৰু বন্তি প্ৰজ্বলন কৰে। আনহাতে উদ্দেশ্য ব্যাখ্যা কৰে ৰংপুৰ সাহিত্য সভাৰ সম্পাদক জেউতি বৰা ভূঞায়ে ৷ বিশিষ্ট লেখিকা দীপালী ভট্টাচাৰ্য্য বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত চমু বক্তব্য প্ৰদান কৰে ড০ ভাৰতী দত্ত, অমিতাভ বৰুৱা, মোহনচন্দ্ৰ দত্ত, ড০ মনি পাঠক, হেমন্ত পাংগিঙ আৰু পল্লৱী গগৈয়ে। চন্দ্ৰলেখা ৰাজখোৱাই এটি গীত পৰিবেশন কৰাৰ লগতে কবিতা পাঠ কৰে ক্ৰমে প্ৰণীতা বৰা ভূঞা, নিৰু চেতিয়া হাজৰিকা, হাৰেজা বেগম, নিবেদিতা ভাগৱতী, মন্দিৰা ভূঞা, দেৱযানী মহন্ত আৰু মিনতি দত্ত দুৱৰাই ৷ শিৱসাগৰ পৌৰসভাৰ প্ৰাক্তন সভাপতি তথা ৰামৰাজা সিংহৰ বোৱাৰী মৃদুস্মিতা সিংহই শলাগৰ শৰাই আগবঢ়োৱা উক্ত সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ কমলেশ্বৰ দত্ত, উজ্জল ঠাকুৰ, সুনীল কুমাৰ সিংহ, জ্যোতি দত্ত, প্ৰশান্ত গগৈ, সঞ্জীৱন কিশোৰ প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থাকে।৷