মঙলদৈত অ-প্ৰদেশীকৃত শিক্ষক সন্থাৰ প্ৰতিবাদ* ।

অসম চৰকাৰৰ শিক্ষা বিভাগে অসমত এতিয়া প্ৰদেশীকৰণ কৰিব লগীয়া আৰু কোনো বিদ্যালয় নাই বুলি কোৱাৰ পিছতে জাঙুৰ খাই উঠিছে শিক্ষক সকল ।

ইয়াৰ বিপৰীতে অসমত এতিয়াও ২৩ হাজাৰ ৯ শ ১০ গৰাকী শিক্ষক এতিয়াও বিনা বেটনে কাম কৰি থাকিবলগীয়া হৈছে ।

বৰ্তমানৰ শিক্ষামন্ত্ৰী গৰাকীৰ কথা বতৰা, চাল চলন, ব্যৱহাৰকলৈ অসন্তুষ্ট অপ্ৰদেশীকৃত শিক্ষক সমাজ ।

সেয়ে আজি শিক্ষামন্ত্ৰীৰ বিপৰীতে মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন শিক্ষক সমাজৰ যে ৩০-৩৫ বছৰে বিনা বেটনে শিক্ষাৰ পোহৰ বিলাই থকাৰ পিছত এতিয়া আমি আত্মহত্যা কৰিব লাগিব নেকি ?

ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে আজি দৰং জিলাৰ উপায়ুক্ত জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।