চিলাপথাৰত ডি আই ডি লিটল মাষ্টৰ বিজয়ী নৱজিতক বিপুল সম্বৰ্ধনা এবছুৰ

ডান্স ইণ্ডিয়া ডান্স লিটুল চেম্পচ চিজন টুৰ চূড়ান্ত বিজয়ী হোৱাৰ পিছত আজি প্ৰথম বাৰৰ বাবে চিলাপথাৰত উপস্থিত হ'ল নৱজিত নাৰ্জাৰী। সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগীতাত বিজয় তিলক পিন্ধিবলৈ সক্ষম হৈ অসম বাসীক গৌৰৱান্বিত কৰোৱা নৱজিতক সম্বৰ্ধনাৰ বাবে বালিগাঁওত এবছু'ৰ চিলাপথাৰ আঞ্চলিকৰ উদ্যোগত অনুষ্ঠিত হ'ল এক সম্বৰ্ধনা সভা। এবছুৰ চিলাপথাৰ আঞ্চলিকৰ উপসভাপতি আগচুলি বসুমতাৰীৰ পুৰোহিত্যত অনুষ্ঠিত সভাৰ আঁতধৰে সম্পাদক উদয় বসুমতাৰীয়ে। অনন্য প্ৰদৰ্শনৰে টেলিভিচনৰ পৰ্দাত খলকনি তোলা শিশুটিক স্বচক্ষে প্ৰত্যক্ষৰ বাবে প্ৰখৰ ৰদতো উপস্থিত হ'ল অজস্ৰ লোক। ৰাইজে জাপে জাপে আৰনাইৰে (গামোচা) সম্বৰ্ধনা জনাই উজ্বল ভৱিষ্যত কামণা কৰে। লগতে সম্বৰ্ধিত হ'ল নৱজিতৰ পিতৃ - মাতৃ। এবচুৰ কৰ্মী মচেছ বসুমতাৰীৰ,হৰবিন্দ 

গয়াৰী,স্থানীয় জ্যেষ্ঠ নাগৰিক ধনঞ্জয় দৈমাৰী,কাটা স্বৰ্গীয়াৰীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিল। অনুষ্ঠানত শিল্পীজনৰ ৰাইজৰ অনুৰুধত কেইবাটাও নৃত্য কৰি আমোদ দিয়ে।