নতুন দিল্লী, ১৪ আগষ্ট। ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত দেওবাৰে দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। সম্বোধন কালত মুৰ্মুৱে দেশবাসীক কয় যে ভাৰতে ১৪ আগষ্টৰ দিনটো বিভাজন-বিভিষীকা স্মৰণ দিৱস হিচাপে উদযাপন কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে সামাজিক সম্প্ৰীতি, মানৱ সৱলীকৰণ আৰু একতা বৃদ্ধি কৰা।

ৰাষ্ট্ৰপতি মুৰ্মুৱে দেশ-বিদেশত বাস কৰা সকলো ভাৰতীয়ক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে দেশে সকলো স্বাধীনতা সংগ্ৰামীক স্মৰণ কৰিছে, যিসকলে সকলো ত্যাগ কৰি এখন মুক্ত দেশত বাস কৰিবলৈ দিছে। ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰিছিল। তেওঁ কয় যে অধিকাংশ গণতান্ত্ৰিক দেশত ভোটদানৰ অধিকাৰ পাবলৈ মহিলাসকলে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আহিছিল। কিন্তু দেশৰ গণৰাজ্যৰ আৰম্ভণিৰ পৰাই ভাৰতে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰপতিয়ে কয় যে দাণ্ডি যাত্ৰাৰ স্মৃতি পুনৰুজ্জীৱিত কৰি ২০২১ চনৰ মাৰ্চ মাহত 'আজাদী কা অমৃত মহোৎসৱ' আৰম্ভ কৰা হৈছিল। সেই যুগান্তকাৰী আন্দোলনে বিশ্ব মঞ্চত দেশৰ সংগ্ৰাম প্ৰতিষ্ঠা কৰিছিল। এই দিৱস ভাৰতৰ জনসাধাৰণৰ বাবে উৎসৰ্গিত।