শিৱসাগৰঃ অসমৰ সৰ্ববৃহৎ নাট্য অনুষ্ঠান অসম নাট্য সন্মিলনৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত হাঁহচৰা শাখাৰ আতিথ্যত, অসম নাট্য সন্মিলন, সৌমাৰপীঠ মণ্ডল আৰু অবিভক্ত শিৱসাগৰ জিলা সমিতিৰ যুটীয়া কাৰ্যনিৰ্বাহক সভাখনি সৌমাৰপীঠ মণ্ডলৰ সভাপতি প্ৰশান্তজিৎ চেতিয়াৰ পৌৰহিত্যত অলপতে জিলাখনৰ কুজিবালিৰ হাঁহচৰা ক্ৰীয়া আৰু সাংস্কৃতিক সংস্থাৰ প্ৰেক্ষাগৃহত সফলতাৰে অনুষ্ঠিত হৈ যায় ৷ হাঁহচৰা শাখাৰ সভাপতি তথা জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক নিলোৎপল গোঁহাইয়ে আঁত ধৰা তথা জিলা সমিতিৰ সভাপতি সঞ্জীৱ বৰাই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰা যুটীয়া কাৰ্য্যনিৰ্বাহক সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সৌমাৰপীঠ মণ্ডলৰ সম্পাদক ডায়মণ্ড পাটোৱাৰীয়ে ৷ তাৰ পাছতেই বন্তি প্ৰজ্বলন কৰি সভাৰ কাৰ্য্যসূচীৰ শুভাৰম্ভণি কৰে কেন্দ্ৰীয় উপ-সভাপতি ড০ বসন্ত খনিকৰে ৷ সভাৰ আৰম্ভণিতে সদ্যপ্ৰয়াত নাট্যশিল্পীসকল আৰু নিজ ছাত্ৰৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটি লোৱা শিৱসাগৰৰ দুৰ্ভগীয়া শিক্ষক ৰাজেশ বাবুৰ আত্মাৰ সদ্‌গতিৰ অৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷ উল্লেখ যে, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰমে উপ-সভাপতি ড০ বসন্ত খনিকৰ, সহকাৰী সম্পাদক পল্লৱ শৰ্মা, সাংগঠনিক সম্পাদক জিতেন সেনাপতি, বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সভাতেই জিলা সমিতিৰ আগন্তুক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন, সৌমাৰপীঠ মণ্ডলৰ মধ্যকালিন অধিৱেশন আৰু মাণ্ডলিক পূৰ্ণাংগ নাট প্ৰতিযোগিতা, শিশু নাট সমাৰোহৰ লগতে কেন্দ্ৰীয় নাট্য আলোচনাচক্ৰ সফলভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিতংকৈ আলোচনা কৰা হয় ৷ উক্ত সভাত মণ্ডলৰ অন্তৰ্গত ৫ খন জিলাৰ প্ৰতিনিধিবৰ্গৰ লগতে শিৱসাগৰ জিলাৰ ৮ টা শাখা সমিতিৰ প্ৰতিনিধিসকলৰ লগতে স্থানীয় আৰোহন মহিলা সমিতিৰ সমূহ সদস্যাসহ শতাধিক নাট্যকৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ উল্লেখ যে, এটি সুন্দৰ সাংস্কৃতিক পৰিৱেশত অনুষ্ঠিত হোৱা যুটীয়া কাৰ্য্যনিৰ্বাহক সভাত বিশেষকৈ অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক প্ৰয়াত হাচান চৰিফ আহমেদৰ সোঁৱৰণত প্ৰতি বছৰে সৌমাৰপীঠ মণ্ডলৰ উদ্যোগত ৬০ বছৰৰ উৰ্দ্ধৰ এগৰাকী নিৰ্বাচিত নাট্যশিল্পীক "জীৱনজোৰা নাট্য সাধনা বঁটা" প্ৰদানৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে যোৰহাট আৰু গোলাঘাট জিলাত নাট্য সন্মিলনৰ কমেও ৫ তাকৈ শাখা খুলি অহা নৱেম্বৰত মাহৰ ভিতৰত দুয়োখন জিলাকে নাট্য সন্মিলনৰ সক্ৰিয় জিলা হিচাপে প্ৰতিষ্ঠা কৰা, অহা ২৭,২৮ আৰু ২৯ ডিচেম্বৰত সৌমাৰপীঠ মণ্ডলৰ মধ্যকালীন অধিৱেশন, মাণ্ডলিক পূৰ্ণাংগ নাট প্ৰতিযোগিতা, শিশু নাট সমাৰোহ, শিৱসাগৰ জিলা সমিতিৰ দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন আয়োজন, কেন্দ্ৰীয় নাট্য আলোচনাচক্ৰ আৰু পূৰ্ণাংগ নাট প্ৰতিযোগিতা উপলক্ষে এখন আটকধুনীয়া স্মৃতিগ্ৰন্থ প্ৰকাশ আদি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বিশিষ্ট নাট্যকৰ্মী দীপক কুমাৰ কলিতাই বিশেষ বক্তব্য আগবঢ়োৱা উক্ত সভাত সৌমাৰপীঠ মণ্ডলৰ সভাপতি আৰু সম্পাদকৰ লগতে কাৰ্য্যকৰী সভাপতি ৰমেন শৰ্মা, কোষাধ্যক্ষ মধুমিতা পাটোৱাৰী, সাংগঠনিক সম্পাদক প্ৰতিম গগৈ, প্ৰচাৰ সম্পাদিকা অংকুৰীমা বৰুৱা, কেন্দ্ৰীয় সদস্যা লক্ষীমণি বৰা, হাচান ইকবাল আহমেদ, জ্যেষ্ঠ নাট্যকৰ্মী ক্ৰমে অনঙ্গ মোহন শৰ্মা, হেমন্ত ভূঞা, অনুপ বৰপাত্ৰগোহাঁই, অমৃত কুমাৰ শৰ্মা, মাধূৰ্য্য দত্ত, খুনজুৰাজ, প্ৰদীপ দত্ত, ৰাজীৱ গগৈ, চিন্ময়ী কোঁৱৰৰ উপৰিও বৃহত্তৰ হাঁহচৰা অঞ্চলৰ বহুসংখ্যক নাট্যকৰ্মী উপস্থিতি থাকে ৷৷