শিৱসাগৰঃ শিৱসাগৰ জিলা আয়ুক্ত ভৱনৰ চুকাফা সভাকক্ষত দিনজোৰা কাৰ্য্যসূচী সভা সম্ৰেপ জিলা আয়ুক্ত মহোদয় আদিত্য বিক্ৰম যাদৱৰ সভাপতিত্বত ১৯ জুলাইত পুনৰবাৰ জিলা স্বাস্থ্য সমিতিৰ লগতে শিশু মৃত্যুৰ জিলা ভিত্তিক এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় । সভাৰ আৰম্ভণিতে জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পাৰ্মেয়ে সভাত উপস্থিত থকা সকলোকে সম্ভাষণ জনোৱাৰ লগতে সভাৰ মুল উদ্দেশ্য ব্যাখ্যা কৰে । সভাখনৰ আঁত ধৰে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ সৌৰভ কুমাৰ গগৈয়ে ৷ সভাত স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকগৰাকীয়ে পোনপ্ৰথমে শিশু মৃত্যুৰ সংখ্যা বৃদ্ধিৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে অহা মাহৰ পৰা যাতে এই সংখ্যা হ্ৰাস হয় তথা প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ যাতে সোনকালেই পঞ্জীয়ন হয়, বিপদসংকুল গৰ্ভাৱস্থাৰ মহিলাসকলক চিনাক্ত কৰি যাতে বিশেষ সেৱা আগবঢ়ায় লগতে প্ৰসৱৰ সময়ত যাতে চেফ ডেলিভাৰী হয় তাৰ ওপৰত সভাত উপস্থিত সকলোকে আহ্বান জনায় ৷ লগতে সভাত শিশু মৃত্যুৰ বিভিন্ন দিশৰ ওপৰত অতি বিশদভাৱে আলোচনা আৰু স্বাস্থ্য বিভাগৰ প্ৰতিটো সুচাঙ্কৰ ওপৰত পৰ্যালোচনা কৰি বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি সমাজ কল্যাণ বিভাগ, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ, শিক্ষা বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আদি প্ৰতিটো লাইন বিভাগীয় বিষয়াসকলৰ উপস্থিতিত Stop diarrhoea campaign r steering committeer সভা এখনো অনুষ্ঠিত হয় । এই সভাত উপস্থিত সকলোৰে আগত জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে প্ৰতিটো লাইনত বিভাগৰ ভূমিকা আৰু দায়িত্ব সম্পৰ্কে, লগতে শিশু diarrhoea ৰ মুখ্য কাৰণ আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি তাৰ এক PPT উপস্থাপন কৰে । এই পৰ্যালোচনা সভাত চিকিৎসক ও স্বাস্থ্য বিষয়া, সামূহিক স্বাস্থ্য বিষয়া, এ এন এম আশাকৰ্মী আৰু মৃতকৰ ঘৰৰ অভিভাৱক সকল উপস্থিত থাকে। জিলা আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্তই সামূহিক স্বাস্থ্য বিষয়া, এ এন এম আশাকৰ্মী আৰু মৃত্যু হোৱা প্ৰতিগৰাকী নৱজাতক/শিশুৰ অভিভাৱকসকলৰ লগত অতি গুৰুত্বসহকাৰে মৃত্যু সম্পৰ্কে বিতংভাৱে আলোচনা কৰে । সভাত শিৱসাগৰ সমাজ কল্যাণ বিভাগৰ অতিৰিক্ত আয়ুক্ত বৰ্ণালী খতিৱৰা, জিলা প্রতিষেধক বিষয়া, ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্য্যক্ৰমৰ নডেল বিষয়া, ৰাষ্ট্ৰীয় কুষ্ঠ নিৰ্মূলকৰণ আঁচনিৰ নডেল বিষয়া, শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক, জিলা ৰোগ নিৰীক্ষণ বিষয়া, জিলা মেলেৰিয়া বিষয়া, প্ৰসূতি মৃত্যু আৰু নৱজাতক মৃত্যুৰ নডেল বিষয়া, ডিমৌ আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক, ডিমৌ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ অধীক্ষক, নাজিৰা এছ ডি চি এইচ, লিগিৰীপুখুৰীৰ উপ-অধীক্ষক, আটাইকেইটা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়াৰ লগতে ডি পি এম ইউ আৰু বি পি এম ইউৰ সদস্য সকল উপস্থিত থাকে ৷