সমাগত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ধনশিৰি মহকুমাৰ চুঙাজান আৰক্ষীৰ থানাৰ উদ্যোগত আজি চুঙাজান থানাত আৰক্ষী  আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক গঢ়াৰ উদেশ্যৰে এখন সভা অনুষ্ঠিত হয়। বিদ্যালয়ৰ  ছাত্ৰ-ছাত্ৰী সকলক চুঙাজান থানা খন পৰিদৰ্শন কৰাই কেনেদৰে এখন থানা পৰিচালিত হয় সেই দিশ সমূহ অৱগত কৰোৱা হয়।

 উক্ত সভা খনত ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা, মহকুমা আৰক্ষীৰ বিষয় ববীয়াৰ লগতে লগতে বহুকেইজন বিশিষ্ট ব্যক্তি  ব্যক্তি উপস্থিত থাকে। এই সভাখনৰ জড়িয়তে আৰক্ষী আৰু জনসাধাৰণৰ মাজত সু সম্পৰ্ক স্থাপন কৰি সমাজ কল্যাণত যাতে  অগ্ৰসৰ হব পাৰি তাৰেই ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
 ইপিনে এই সভাখনত ছাত্ৰ-ছাত্ৰী সকলে দেশপ্ৰেমমূলক গীত পৰিৱেশনৰ লগতে ৰাষ্ট্ৰীয় সংগীতো পৰিৱেশন কৰে।।