এন এইচ পি চিত অঘটন, ঠুনুকা পাহাৰৰ পৰা খহি পৰিল কংক্ৰিতৰ গাড়ী, দুজনৰ কৰুণ মৃত্যু। 

গেৰুকামুখত নিৰ্মীয়মান নামণি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ইটোৰ পিছত সিটোকৈ অঘটন সংঘটিত হ'বলৈ ধৰিছে । প্ৰকল্পটোৰ কাম অতি ক্ষীপ্ৰতাৰে আগবঢ়োৱা সংস্থা এন এইচ পি চিৰ নিৰাপত্তা যেন নোহোৱা হৈ পৰিছে। সময়ে সময়ে বিভিন্ন অঘটন ঘটি প্ৰকল্পস্থলিত বহু লোকৰ অকালতে প্ৰাণ হানি ঘটিছে। আজি তেনে এক অঘটনৰ পুনৰাবৃত্তি হয় প্ৰকল্প স্থলীত। প্ৰকল্পটোৰ সোঁপাৰৰ অৰুণাচল পাহাৰৰ ঠুনুকা পাহাৰৰ ওপৰেৰে কংক্ৰিত কঢ়িয়াই অনা এখন বাহন দুশ ফোট উচ্চতাৰ পৰা খহি পৰি দুজনকৈ লোকৰ কৰুণ মৃত্যু ঘটে। উখ পাহাৰ খহি কংক্ৰিত ভৰ্তি গাড়ীৰ ভিতৰত থকা গোগামুখ মহৰিকেম্পৰ সুৰেশ মহতু(৩২), ওখমাটিৰ কৰণ পায়েং(৩৫) কৰুণ মৃত্যু ঘটে। এই ঘটনা সংঘটিত হোৱাৰ পাছতে এন এইচ পি চি কৰ্তৃপক্ষই দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ জৰিয়তে মৰণোত্তৰ পৰিক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে।

ইফালে নিহত দুজন লোকৰ ঘৰত আত্মীয়ৰ কান্দোনৰ ৰোল। শোকত ভাগি পৰিছে পত্নী পুত্ৰ পৰিয়াল বৰ্গ। নিহত লোক দুজনৰ পৰিয়ালে ক্ষতিপুৰণ দিবলৈ এন এইচ পি চিক আহ্বান জনোৱাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোগামুখ আঞ্চলিক সমিতিয়ে নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে অকালতে প্ৰাণ হেৰুৱা দুয়োটা পৰিয়ালক ক্ষতিপুৰণ দিবলৈ দাবী জনায়।